লক্ষ্য '২১ৰ নিৰ্বাচন:মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ ১০হাজাৰ কোটিটকীয়া অভিলাষী আঁচনি ঘোষণা

Dr.Himanta Biswa Sarma

আগন্তক বিধানসভা নিৰ্বাচনৰ লক্ষ্যৰে মন্ত্ৰী ড:হিমন্ত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে ১০হাজাৰ কোটি টকীয়া অভিলাষী প্ৰকল্প।চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত ঘোষণা কৰা প্ৰকল্পৰ কাম আৰম্ভ কৰাৰ কথা সংবাদমেলত ঘোষণা মন্ত্ৰী শৰ্মাৰ।

"চৰাইদেউ,বিশ্বনাথ,গোৱালপাৰা জিলাত মেডিকেল কলেজ নিৰ্মাণত অনুমোদন।লগতে গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী আৰু কালাপাহাৰ চিকিৎসালয় সংলগ্ন কৰি চিকিৎসা মহাবিদ্যালয়লৈ ৰূপান্তৰিত কৰা হ'ব।যিখন মেডিকেল হ'ব পূব ভাৰতৰ ভিতৰত ডাঙৰ।১১১১খন বেডৰ ব্যৱস্থা থাকিব।তাৰ বাবে ধাৰ্য কৰা হৈছে ২০৫০ কোটি টকা"-মন্ত্ৰী শৰ্মাাই কয়।

অহা ৪৫ দিনৰ ভিতৰত ৯খন মহিলা মহাবিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব।কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দি, গোলোকগঞ্জ, বৰপেটা, নগাঁও, বিলাসীপাৰাত নিৰ্মান কৰাৰ কথা ঘোষণা মন্ত্ৰীগৰাকীৰ।ইয়াৰ বাবে ৩০৩ কোটি টকা নিৰ্ধাৰণ।

একেদৰে দুমাহৰ ভিতৰত ৬ খন মহাবিদ্যালয় নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব।শোণিতপুৰ, তিনিচুকীয়া, মাজুলী, চিৰাং, ওদালগুৰি, বাক্সা জিলাত নিৰ্মাণ কৰা হ'ব লগা মহাবিদ্যালয়ৰ বাবে ১০০কোটি টকা ধাৰ্য।ইয়াৰ উপৰিও ১০ খন আইন মহাবিদ্যালয় স্থাপন কৰাৰ বাবে ৩৩কোটি টকা ধাৰ্য কৰিছে ৰাজ্য চৰকাৰে।

গুৱাহাটীৰ মালীগাঁও চাৰিআলিত চাৰি কিঃমিঃ দৈৰ্ঘ্যৰ এখন উৰণীয়া সেতুৰ কাম ১৫ দিনৰ ভিতৰত আৰম্ভ হ'ব।কামাখ্যা মন্দিৰৰ সৈতে সংলগ্ন হ'ব উৰণীয়া সেতুখন।তেজপুৰৰ মিছন চাৰিআলিত এখন উৰণীয়া সেতু নিৰ্মাণ কৰিব জনতা ভৱনৰ সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়।

মাজুলী-লখিমপুৰ সংলগ্ন কৰি ৭২৫ কোটি টকাৰে ১৯ কিঃমিঃ দৈৰ্ঘ্যৰ এখন দলং নিৰ্মাণৰ কাম চলিত বর্ষত আৰম্ভ হ'ব বুলি ঘোষণা কৰে মন্ত্ৰী শৰ্মাই।

ইয়াৰ উপৰিও ৰাজ্যৰ বহুকেইটা পথ নতুনকৈ নিৰ্মাণ কৰাৰ কথা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে।

Your Comments