'আছু'ৰ পৰা অব্যাহতি ল'লে দুজন কেন্দ্ৰীয় নেতাই,কোন কোন জানি লওঁক...

Aasu

সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নতুন আঞ্চলিকতাবাদী দলৰ বীজ অংকুৰিত হোৱাৰ পিছদিনাই দুই শীৰ্ষ নেতাই অব্যাহতি ল'লে 'আছু'ৰ পৰা।কেন্দ্ৰীয় উপ-সভাপতি চিত্তৰঞ্জন বসুমতাৰী আৰু মুখ্য সাংগঠনিক সম্পাদক ৰাজু ফুকনে ত্যাগ কৰিছে আছু।উল্লেখ যে চৰ্চা চলিছে নতুন ৰাজনৈতিক দলত চামিল হোৱাৰ বাবে সংগঠন ত্যাগ কৰিছে নেতা দুজনে।

Pic

সামাজিক মাধ্যমৰ জৰিয়তে আছু ত্যাগ কৰি চিত্তৰঞ্জনে কয় অসম প্ৰথম হৈ আছিল,  অসম প্ৰথম হৈ আছে,অসম প্ৰথম হৈ  থাকিব...চিৰদিন চিৰকাল...

উল্লেখ যে প্ৰায় ২২বছৰ ধৰি আছুৰ সৈতে জড়িত আছিল চিত্তৰঞ্জন।ধেমাজি জিলাৰ এগৰাকী প্ৰভাৱশালী ছাত্ৰ নেতা বসুমতাৰী।

Aasu

ইফালে ৰাজু ফুকনেও ৰাজনৈতিক দলটোৰ হৈ কাম-কাজ কৰাৰ বাবে অব্যাহতি লোৱা বুলি খবৰ ওলাইছে।বিশেষ সূত্ৰৰ খবৰ অনুসৰি নতুন ৰাজনৈতিক দলটোৰ কাম-কাজ আগবঢ়াই নিয়াৰ বাবে আৰু বহুকেইজন ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকে ত্যাগ কৰিব সংগঠন।উল্লেখ যে অহা ১৫ ছেপ্টেম্বৰ ভিতৰত আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ'ব নতুন ৰাজনৈতিক দলটোৰ নাম।

Your Comments