আনলক:দিল্লীত পুনৰ দৈনিক ক'ৰ'না আক্ৰান্তৰ সংখ্যা বৃদ্ধি

Corona

ৰাজধানী দিল্লীত পুনৰ বৃদ্ধি পাইছে ক'ৰ'না ভাইৰাছত দৈনিক আক্ৰান্ত হোৱা লোকৰ সংখ্যা।লকডাউনৰ তথা ক'ৰ'না সংক্রমণ প্ৰতিৰোধী কঠোৰ নীতি-নিয়ম বলৱৎ হৈ থকাৰ সময়ত দিল্লীত দৈনিক আক্ৰান্তৰ সংখ্যা হ্ৰাস পাবলৈ ধৰিছিল।কিন্তু,আনলকত আগষ্ট মাহৰ পৰা মহানগৰখনত বজাৰ,উদ্যান,কাৰ্যালয়,উদ্যোগ আদি মুকলি হোৱাৰ পিছত পুনৰ দিল্লীত ক'ৰ'না আক্ৰান্তৰ সংখ্যা উৰ্ধমুখী হ'বলৈ ধৰিছে।বৰ্তমান দিল্লীত বহু লোকে মাস্ক নিপিন্ধা,সামাজিক দূৰত্ব মানি নচলাৰ বাবে মহানগৰখনত পুনৰ ক'ৰ'নাৰ উদ্বেগজনক সংক্ৰমণ হ'বলৈ আৰম্ভ কৰিছে।উল্লেখ্য যে বুধবাৰে মহানগৰখনত ২৩০০ গৰাকী লোক ক'ৰ'না আক্ৰান্ত হয়।

Your Comments