কৃষি বিভাগৰ বেণ্ড এম্বেছাদৰ হোৱাৰ মন্ত্ৰী অতুল বৰাৰ প্ৰস্তাৱ শিল্পী জুবিন গাৰ্গলৈ

Zubin Garg

*'কা' বাতিল নকৰালৈ চৰকাৰৰ কোনো দায়িত্ব গ্ৰহণ নকৰা কথা কোৱা শিল্পীগৰাকীয়ে ব্ৰেণ্ড এম্বেছাদৰ দায়িত্ব লব নে!*

কৃষিমন্ত্ৰী অতুল বৰাৰ দিছপুৰৰ চৰকাৰী বাসভৱনত জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ।মন্ত্ৰী বৰাৰ সৈতে 'পথাৰ আমাৰ,বজাৰ আমাৰ' কাৰ্যসূচীৰ সন্দৰ্ভত আলোচনা শিল্পী জুবিনৰ।মন্ত্ৰী বৰাই শিল্পীগৰাকীক কৃষি বিভাগৰ ব্ৰেণ্ড এম্বেছাদৰ হোৱাৰো প্ৰস্তাৱ আগবঢ়ায়।বৰাৰ প্ৰস্তাৱত শিল্পীগৰাকীয়ে সহমত প্ৰকাশ কৰা বুলি শনিবাৰে প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে।

জুবিন গাৰ্গে বৃন্দাবন ছুপাৰ মাৰ্ট খোলাৰ বাবে প্ৰস্তাৱ লৈ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰিছিল।এই সন্দৰ্ভত কৃষিমন্ত্ৰীগৰাকীয়ে কয়-”বৃন্দাবন ছুপাৰ মাৰ্ট খোলাৰ বাবে জুবিনে লৈ অহা প্ৰস্তাৱ আমাৰ ভাল লাগিছে।তেওঁৰ সমগ্ৰ পৰিকল্পনা সৈতে কথা পতা হৈছে।বৰ্তমান সময়ত ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰত প্ৰভাৱ পৰিছে।যুৱক-যুৱতীসকলক কিদৰে স্বাৱলম্বী কৰিব পৰা যায়,তাৰ বাবে সদায় প্ৰচেষ্টা চলাই থকা হৈছে।"

আনহাতে,জনপ্ৰিয় শিল্পীগৰাকীক কৃষি আৰু ইয়াৰ লগত জড়িত ক্ষেত্ৰখনৰ ব্ৰেণ্ড এম্বেছাদৰ নিয়োগ কৰাৰ বাবে মুখ্যমন্ত্ৰী সোণোৱালৰ সৈতে আলোচনা মৰ্মে প্ৰস্তাৱ প্ৰদান কৰা বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে মন্ত্ৰী বৰাই।

মন্ত্ৰীৰ প্ৰস্তাৱক সমৰ্থন কৰি শিল্পীগৰাকীয়ে কয়-"ভাল হ’ব,কৰিব লগা কাম বহুত আছে। ব্ৰেণ্ডিং কৰিলে আমি কামবোৰ নিজেই কৰিব পাৰিম।"

Zubin

শিল্পীগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী অতুল বৰাক ধন্যবাদ জনাই তেওঁলোকৰ উদ্দেশ্যেৰ প্ৰতি সমৰ্থন জনোৱা বাবে।"বহু কথা আমি নাজানো,নজনা কথাবোৰ কৰাৰ বাবে সহায় বিচাৰি আহিছো।অকলে কামবোৰ কৰা সম্ভৱ নহয় গতিকে সহায় বিচাৰিছোঁ"-জুবিনে লগতে কয়।

উল্লেখ্য যে বৃন্দাবন ছুপাৰ মাৰ্টৰ বাবে শিল্পী জুবিনৰ সৈতে উপস্থিত আছিল পত্নী গৰিমা শইকীয়া গাৰ্গ। 

তাৎপৰ্যপূৰ্ণ যে যোৱা বৰ্ষৰ 'কা' আন্দোলনৰ সময়ত জুবিনে যেতিয়ালৈকে 'কা' বাতিল নকৰিব,তেতিয়ালৈকে চৰকাৰৰ কোনো কাৰ্যসূচীৰ সৈতে জড়িত নোহোৱাৰ কথা বাৰে বাৰে ঘোষণা কৰিছিল।বৰ্তমানো 'কা' বাতিল হোৱা নাই।গতিকে,জুবিনে ৰাজ্যৰ কৃষি বিভাগে  আগবঢ়োৱা ব্ৰেণ্ড এম্বেছাদৰৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নাই,সেয়াই হ'ব লক্ষণীয় কথা।

Your Comments