নলবাৰীৰ গুৱাকুছিত পানী যোগান প্ৰকল্প নিৰ্মাণৰ সাত বছৰৰ পিছতো ৰাইজে নাপালে এটুপিও পানী

Pic

*চৰকাৰী ধনৰ অপচয়:ব‍্যৰ্থ জনস্বাস্থ্য কাৰিকৰী বিভাগ,জনপ্ৰতিনিধি*

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

ৰাজ‍্য চৰকাৰৰ বিয়াগোম জনস্থাস্থ‍্য কাৰিকৰী বিভাগে বিশুদ্ধ খোৱাপানী প্ৰকল্প স্থাপনৰ  নামত লাখ লাখ টকাৰ শৰাধ কৰি আহিছে যে সেয়া নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ গুৱাকুছিত প্ৰমাণ হৈছে বুলি ৰাজহুৱা অভিযোগ উঠিছে। উল্লেখ‍্য‍ যে নলবাৰী জিলা জনস্থাস্থ‍্য কাৰিকৰী বিভাগ,নলবাৰী সংমণ্ডলৰ অধীনষ্ঠ ঘগ্ৰাপাৰ ৰাজহ চক্ৰ এলেকাধীন একাংশ পানী যোগান আঁচনি ভোঁকোভাওনাত পৰিণত হৈছে।তাৰ ভিতৰত ঘগ্ৰাপাৰৰ গুৱাকুছিস্থিত এক নম্বৰ চুবুৰী পানী যোগান প্ৰকল্পটোৰ নিৰ্মাণৰ  সাত বছৰ অতিক্ৰম কৰাৰ পিছতো এটুপিও বিশুদ্ধ খোৱা পানী গঞা ৰাইজে নোপোৱাতো বিভাগটোৰ কাৰণে চৰম লজ্জাজনক বুলি চৰ্চিত হৈছে।নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰ এলেকাধীন গুৱাকুছিৰ উক্ত স্থানত নলবাৰী জিলা জনস্থাস্থ‍্য কাৰিকৰী বিভাগ,নলবাৰী                সংগমণ্ডলে প্ৰায় ৫৬ লাখ টকা ব‍্যয়ৰে প্ৰকল্পটোৰ নিৰ্মাণ-কাৰ্য সম্পন্ন কৰে যদিও আজি সাতবছৰে প্ৰকল্পটোৰ চকৰী নুঘূূৰিল বুলি ৰাজহুৱা অভিযোগ উঠিছে।সম্প্ৰতি প্ৰকল্পটো হাবি-জংঘলৰে আৱৰি ধৰিছে যদিও বিভাগে চকু মুদা কুলিৰ ভাও লৈছে বুলি চৰ্চ্চাত হৈছে।২০১২-১৩ চনতে নিৰ্মাণ কৰা এই আঁচনিখন গুৱাকুছি ৰাইজৰ সেৱাত মুকলি কৰি বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বহুবাৰ বিভাগৰ ওচৰত আবেদন-নিবেদন কৰি আহিছে যদিও কোনো সুফল নোপোৱাত ৰাইজ ক্ষোভিত হৈ পৰিছে।জানিব পৰামতে আঁচনিৰ নদী পানী,টেংক,ভুৰ্গভৰ ৰিজাৰ্ভাৰ টেংক,পৰিশুদ্ধ ব‍্যৱস্থা,পাম্প ঘৰ,বিদ্যুৎ সংযোগ,বহিঃপাইপ লাইন আদি নলবাৰী জনস্থাস্থ‍্য কাৰিকৰী বিভাগে সম্পূৰ্ণ হোৱা বুলি বিভাগীয় ফাইলত দেখুৱাইছে যদিও গুৱাকুছি অঞ্চলটোৰ জনসাধাৰণে আজি পৰ্য্যন্ত এটুপিও বিশুদ্ধ খোৱাপানী খাবলৈ নাপালে।যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে খাল,বিল,নাদ,পুখুৰী,দমকল আদিৰ আৰ্চেনিকযুক্ত পানী সেৱন কৰি আহিছে।যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত বিভিন্ন ৰোগত আক্ৰান্ত হৈছে গঁঞা ৰাইজ।ইফালে,চৰকাৰী লাখ লাখ টকা অপচয় হোৱাৰ পিছতো  নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু স্থানীয় পঞ্চায়ত জনপ্ৰতিনিধিয়ে ৰহস্যজনক নীৰৱতা অৱলম্বন কৰাটোতো ৰাইজে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।লগতে,এই প্ৰকল্পটো শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰিবলৈ গুৱাকুছিবাসী ৰাইজে চৰকাৰ তথা বিভাগৰ ওচৰত দাবী জনাইছে।অন্যথা ৰাইজে আগন্তুক দিনত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ প্ৰদান কৰে।

Your Comments