হাজোত চৰাঞ্চলৰ বাবে আৱণ্টিত সামগ্ৰী দুবছৰ ধৰি গুদামতে নষ্ট হোৱাৰ উপক্ৰম 

Hazo

হাজোৰ পৰা কমলাকান্ত দাস:

কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত তথা হাজো উন্নয়ন খণ্ডৰ চৰাঞ্চলৰ বাবে আৱণ্টিত বিভিন্ন সামগ্ৰী বিগত দুটা বছৰে গুদামতে পৰি থকা ঘটনাত চৰবাসী ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।জানিব পৰা মতে, ২০১৮-১৯  বিত্তীয় বৰ্ষত চৰ উন্নয়নৰ জড়িয়তে আৱণ্টিত লাখ লাখ টকাৰ সামগ্ৰীৰ চাইকেল, ছ’লাৰ আৰু চিলাই মেচিন বিগত দুবছৰ ধৰি হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব      নোৱাৰাত উন্নয়ন খণ্ডৰ গুদামতে জহি-খহি যোৱাৰ উপক্ৰম হৈছে।উল্লেখ্য যে হাজো সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলৰ দৰিদ্ৰ লোকসকলক প্ৰদান কৰিবলৈ হাজো উন্নয়ন খণ্ডৰ গুদামত ২৫০ খন চাইকেল,১০০ টা ছ’লাৰ আৰু ৫০ টা চিলাই মেচিন মজুত কৰি  ৰাখিছিল।কিন্তু বিগত দুটা বছৰে সামগ্ৰীসমূহ বিতৰণ নকৰি হাজো উন্নয়ন খণ্ডৰ গুদামত পৰিত্যক্ত অৱস্থাত থকাত চৰবাসীৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷বিদ্যালয়ত  অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ নামত অহা চাইকেলকে ধৰি বিভিন্ন সামগ্ৰী কিয় দুবছৰ ধৰি পেলাই থ'লে তাক লৈও চৰবাসী ৰাইজে বিধায়িকা সুমন হৰিপ্ৰিয়াক প্ৰশ্ন কৰিছে।অতি শীঘ্ৰেই বিতৰণৰ ব্যৱস্থা কৰিবলৈ বিধায়িকা সুমন হৰিপ্ৰিয়াক আহ্বান জনাইছে চৰবাসী ৰাইজে।

Your Comments