হাজোৰ সুৰেন দাস মহাবিদ্যালয়ত স্নাতক বিজ্ঞান শাখা সংযোজন:বিভিন্ন মহলৰ আদৰণি

হাজোৰ পৰা কমলাকান্ত দাস 

ৰাজ্য চৰকাৰে নতুনকৈ স্নাতক বিজ্ঞান শাখা সংযোজন কৰিবলৈ লোৱা অসমৰ ১৬খন প্ৰাদেশীকৃত মহাবিদ্যালয়ৰ তালিকাত তীৰ্থনগৰী হাজোৰ উচ্চ শিক্ষাৰ একমাত্ৰ অনুষ্ঠান সুৰেন দাস মহাবিদ্যালয়ৰ নাম অন্তৰ্ভুক্ত হোৱাত উৎফুল্লিত হৈ পৰিছে হাজোবাসী ৰাইজৰ লগতে মহাবিদ্যালয় পৰিয়ালবৰ্গ। ৰাজ্য চৰকাৰে বিজ্ঞান শিক্ষাৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে হাজোবাসী ৰাইজৰ বহুদিনীয়া সপোন পূৰণ কৰাৰ লগতে হাজো অঞ্চলৰ শৈক্ষিক ক্ষেত্ৰখনত এক অনন্য মাত্ৰা প্ৰদান কৰিব বুলি বিদ্বৎ সমাজে মত পোষণ কৰিছে।এই সন্দৰ্ভত মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ হিৰণ্য কুমাৰ শৰ্মাই এটা বিবৃতিত শিক্ষা বিভাগৰ এনে সিদ্ধান্তক আদৰণি জনায়।তেওঁ কয় যে ৰাজ্য চৰকাৰে আমাৰ মহাবিদ্যালয়ত স্নাতক বিজ্ঞান শাখা সংযোজন কৰি হাজো অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিলে।এই সিদ্ধান্তই ছাত্ৰ-ছাত্ৰীৰ বাঢ়ি অহা চাহিদা পূৰণ কৰাৰ লগতে অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰখনত এটা যুগান্তকাৰী ইতিবাচক প্ৰভাৱ পেলাব।শিক্ষা বিভাগৰ এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বাবে অসম চৰকাৰ,বিশেষকৈ শিক্ষা বিভাগ আৰু শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিধায়িকা সুমন হৰিপ্ৰিয়াক ধন্যবাদ দিছে মহাবিদ্যালয় কৰ্তৃপক্ষৰ লগতে হাজোবাসী ৰাইজ তথা সচেতন  মহলে।

Your Comments