আল্লিয়াৰ বনগাঁৱত যুৱক সংঘ প্ৰতিষ্ঠা

Ghagrapar

দ্বিজেন ডেকা,ঘগ্ৰাপাৰ:

নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত আল্লিয়াৰ বনগাঁৱত 'বনগাঁও প্ৰাণজ‍্যোতি যুৱক সংঘ' শনিবাৰে প্ৰতিষ্ঠা কৰা হয়।উল্লেখ‍্য যে যোৱা ২২ জুলাইত সমাজকৰ্মী ফুকন দাসৰ সভাপতিত্বত অনুষ্ঠিত ৰাজহুৱা সভাত অঞ্চলটোৰ শিক্ষিত যুৱকসকলক লৈ যুৱক সংঘ প্ৰতিষ্ঠা কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰি এখন ১৪ জনীয়া সমিতি গঠন কৰা হৈছিল।সভাপতি হিচাপে অৰূপ দাস আৰু সাধাৰণ সম্পাদক 'আছু' নেতা অৰ্জুন দাসক দায়িত্ব দিয়া হয়।এই নৱগঠিত সমিতিখনে শনিবাৰে দিনযোৰা কাৰ্যসূচীৰ মাজতে সংঘৰ  কাৰ্যালয়-গৃহ আনুষ্ঠানিকভাৱে মুকলি কৰে।আবেলি সংঘৰ কাৰ্যালয়-গৃহৰ দ্বাৰ মুকলি কৰে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক অক্ষয় ডেকাই।সন্ধিয়া সামৰণি অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদ তথা পশ্চিম বনভাগ আল্লিয়া মধ্য ইংৰাজী বিদ্যালয়ৰ সহকাৰী শিক্ষক যাদৱ চন্দ্ৰ ডেকাই।

Your Comments