সমাজবাদী পাৰ্টীৰ প্ৰাক্তন শীৰ্ষ নেতা সাংসদ অমৰ সিঙৰ দেহাৱসান

Amar Singh

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে ৰাজ্যসভাৰ সাংসদ অমৰ সিঙে।দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা সাংসদগৰাকীয়ে শনিবাৰে ছিংগাপুৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।বিগত প্ৰায় ৬মাহৰ পৰাই জটিল ৰোগৰ সৈতে মোকাবিলা কৰি আহিছিল অমৰ সিঙে।যাৰ বাবে ছিংগাপুৰত তেওঁৰ চিকিৎসা চলাই থকা হৈছিল।কিন্তু অৱশেষত ৬৪ বছৰীয়া সাংসদগৰাকীয়ে শনিবাৰে ইহসংসাৰৰ পৰা বিদায় মাগে।উল্লেখনীয় যে এসময়ত সাংসদ অমৰ সিং সমাজবাদী পাৰ্টীৰ এজন শীৰ্ষ  নেতা আছিল।তেওঁ সমাজবাদী পাৰ্টীৰ মুৰব্বী মুলায়েম সিং যাদৱ  ঘনিষ্ঠ আছিল।অৱশ্যে,২০১০ চনত তেওঁঁ  সমাজবাদী পাৰ্টী ত্যাগ কৰিছিল।

Your Comments