"মোডীয়ে দেশখনক ধ্বংস কৰি আহিছে"-ৰাহুল গান্ধীৰ টুইট আক্ৰমণ

Modi-Rahul

বিগত কিছুদিনৰ পৰা কেন্দ্ৰীয় চৰকাৰ তথা দেশৰ প্ৰধানমন্ত্ৰীলৈ ধাৰাবাহিকভাৱে সমালোচনাত্মক বাক্যবাণ এৰি আহিছে কংগ্ৰেছ দলৰ প্ৰাক্তন অধ্যক্ষ ৰাহুল গান্ধীয়ে।৩০জুলাইত পুনৰ এবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে টুইটাৰত এটি পোষ্ট কৰি কয় যে মোডীয়ে দেশখন ধ্বংস কৰি আহিছে।বিশেষকৈ চাৰিটা ব্যৱস্থাই দেশক ধ্বংস কৰিব।সেইকেইটা হৈছে-বিমুদ্ৰাকৰণ,জিএছটি,ক'ৰ’না মহামাৰী নিয়ন্ত্ৰণৰ ক্ষেত্ৰৰ যথোচিত ব্যৱস্থাহীনতা আৰু গুৰুতৰ নিবনুৱা সমস্যা।তেওঁৰ পুঁজিবাদী সংবাদ মাধ্যমে এখন মায়াজাল ৰচিছে।এয়া ভ্ৰম অতি শীঘ্ৰেই ভাঙিব।"

Twit

উল্লেখ্য যে ইয়াৰ পূৰ্বেও ৰাহুল গান্ধীয়ে মোডী চৰকাৰক উদ্দেশ্য কৰি টুইট কৰা দেখা গৈছিল।সোমবাৰে ৰাহুল গান্ধীয়ে কৈছিল যে চীন সন্দৰ্ভত তেওঁ কেতিয়াও মিছা নকয়।লাগিলে তেওঁৰ ৰাজনৈতিক জীৱনেই ধ্বংস হৈ যাওক।

Your Comments