অতিমাত্ৰা ছেনিটাইজাৰ ব্যৱহাৰ হ'ব পাৰে ক্ষতিকাৰক:স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰিলে সতৰ্কবাণী

Pic

সমগ্ৰ দেশে ক'ৰ’না মহামাৰীৰ সৈতে যুঁজ দি আছে।ইয়াৰ মাজতে ছেনিটাইজাৰ সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰণালয়ে জাৰি কৰিলে সতৰ্কবাণী।স্বাস্থ্য মন্ত্ৰণালয়ে ৰাইজক উপদেশ দিলে যে হেণ্ড ছেনিটাইজাৰ অতিমাত্ৰা ব্যৱহাৰ নকৰিব, ইয়াৰ অধিক ব্যৱহাৰ ক্ষতিকাৰক হ’ব পাৰে।দেখিবলৈ পোৱা গৈছে যে বিগত ৬ মাহ ধৰি আমাৰ জীৱনত ছেনিটাইজাৰৰ ব্যৱহাৰ অধিক বৃদ্ধি হৈছে।স্বাস্থ্য মন্ত্ৰণালয়ৰ অতিৰিক্ত পৰিচালক ড: আৰ কে বৰ্মাই কয় যে এয়া কঠিন সময়,কোনোৱে ভবা নাছিল যে ভাইৰাছৰ এনেকুৱা প্ৰকোপ হ’ব।তেওঁ কয় যে নিজকে নিজে ৰক্ষা কৰিবলৈ মাস্কৰ ব্যৱহাৰ কৰক,যিমান সম্ভৱ গৰম পানী খাওক আৰু হাত যিমান পাৰে ধুই থাকক।ছেনিটাইজৰৰ দুৰ্ব্যৱহাৰ নকৰিব।স্বাস্থ্য মন্ত্ৰণায়ৰ পৰিসংখ্যা অনুযায়ী,শনিবাৰলৈ দেশত ১৩ লাখ ৩৬ হাজাৰ ৮৬১ গৰাকী লোক ক'ৰ’নাত আক্ৰান্ত হৈছে।ইয়াৰে ভিতৰত ৩১,৩৫৮ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।আনহাতে,৮ লাখ ৪৯ হাজাৰ লোক সুস্থ হৈ উঠিছে।৪ লাখ ৫৬ হাজাৰ লোকৰ হাস্পতালত চিকিৎসাধীন।
বিগত ২৪ ঘণ্টাত ক'ৰ’না ভাইৰাছত ৪৮ হাজাৰ ৯১৬ গৰাকী লোক আক্ৰান্ত হৈছে আৰু ৭৫৭ গৰাকী লোকৰ মৃত্যু হৈছে।

Your Comments