"ৰাজ্যৰ বানপীড়িতক সহায় কৰাৰ বাবে কেন্দ্ৰৰ ওচৰত ৰাজ্য চৰকাৰে দাবী জনাব নোৱাৰাটো দুৰ্ভাগ্যজনক"-সদৌ গুৱাহাটী ছাত্ৰ সন্থা

#GhYAASU

"পৰিকল্পনাবিহীনভাৱে ৰাইজৰ ধনৰ অপব্যয় কৰিছে সোণোৱাল চৰকাৰে।জাপানৰ প্রধানমন্ত্ৰীক দেখুওৱাবৰ বাবে স্থাপন কৰা গুৱাহাটী লাচিত ঘাটৰ আদৰ্শ গাঁও বানৰ কৱলত জহি-খহি গৈছে"-এই গুৰুতৰ অভিযোগ 'আছু'ৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক তথা সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ নেতা সীমান্ত ঠাকুৰীয়াৰ।

"চৰকাৰে পূৰ্বে পৰিকল্পনাবিহীনভাৱে আদৰ্শ গাঁৱৰ উন্নয়নৰ কাম কৰিছিল।যাৰ বাবে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী দলং নিৰ্মাণৰ বাবে আদৰ্শ গাঁওখন ধ্বংস কৰিব লগা হৈছে।চৰকাৰৰ এইধৰণৰ পৰিকল্পনাবিহীন কাম-কাজৰ পৰা অসমৰ ৰাইজৰ কোনো ধৰণৰ উপকাৰ হোৱা নাই"-ঠাকুৰীয়াই কয়।

"অসমৰ জনতাই আজি বানপানীত হাহাকাৰ কৰি থাকিব লগা হৈছে।তেনে ক্ষেত্ৰত কেন্দ্ৰৰ ওচৰত ৰাজ্য চৰকাৰে দাবী কৰিব পৰা নাই সাহায্য বিচাৰি।লগতে কোনো পুঁজি আনিব পৰা নাই বন্যাৰ্তক সহায় কৰাৰ বাবে।ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে- ঠাকুৰীয়াই লগতে কয়।

ইফালে,বন্যাৰ্তক সহায়ৰ বাবে আগবাঢ়ি আহিছে সদৌ গুৱাহাটী ছাত্ৰ সন্থা।'আছু'ৰ মুখ্য কাৰ্যালয়ত বান পীড়িতসকলক সহায় কৰাৰ বাবে মুকলি কৰিছে বানপানী সাহায্য সংগ্ৰহ কেন্দ্ৰ।

Your Comments