গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ৩৮ ছে:মি ওপৰলৈ বৃদ্ধি পাইছে

Brahmaputra

*বিপদ ঘনীভূত হৈছে ফাঁচীবজাৰলৈ*

উজনি-নামনিত বানৰ সংহাৰী ৰূপৰ পিছত গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ ভয়ংকৰ ৰূপ।দ্ৰুতগতিত গুৱাহাটীত বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।

'গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদসীমাৰ ৩৮ছে:মি: ওপৰলৈ বৃদ্ধি পাইছে।গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৰ্তমান হৈছে ৫০.০৬ মিটাৰ'-এই কথা প্ৰকাশ কৰিছে গুৱাহাটীৰ কাছাৰীৰ ব্ৰহ্মপুত্ৰ কেন্দ্ৰীয় জলপৃষ্ঠ নিৰীক্ষণ কেন্দ্ৰই।

উল্লেখ যে বিগত ২৪ ঘন্টাত গুৱাহাটীত ১৫ ছে:মি: বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ।

ইফালে,জলপৃষ্ঠ বৃদ্ধি পোৱাত ক্ৰমাৎ বিপদ ঘনীভূত হৈছে ফাঁচীবজাৰলৈ।এইদৰে যদি ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি হৈ থাকে,ফাঁচীবজাৰ অঞ্চলত যিকোনো মুহূৰ্ততে সোমাব পাৰে পানী।

গুৰুত্বপূৰ্ণ যে পূৰ্বতে গুৱাহাটীৰ ফাঁচী বজাৰত ব্ৰহ্মপুত্ৰৰ পানী সোমোৱাৰ নজিৰ আছে।

Your Comments