ৰাজ্যিক কেবিনেটৰ অনুমোদন শিক্ষাবর্ষ সলনিত:এপ্ৰিলৰ পৰা মার্চলৈ হ'ব শিক্ষাবর্ষ

Cabinat

*ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত জানি লওঁক*

লকডাউনৰ মাজতে সোমবাৰে অনুষ্ঠিত কৰা হয় ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠক।খানাপাৰা প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় ৰাজ্যৰ শিক্ষাবৰ্ষ সলনি কৰাৰ সিদ্ধান্ত।কেবিনেট অনুমোদন অনুসৰি নতুন শিক্ষাবর্ষ হ'ব পহিলা এপ্ৰিলৰ পৰা ৩১মার্চলৈ।উল্লেখ যে পূৰ্বতে ৰাজ্যৰ শিক্ষাবর্ষ আছিল জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ। 

কেবিনেটৰ অন্য এটা সিদ্ধান্ত অনুসৰি অসম ভৱনৰ কৰ্মচাৰীৰ চাকৰি এতিয়াৰে পৰা বদলিকৰণ হ'ব।পূৰ্বে কৰ্মচাৰীৰ চাকৰি বদলিকৰণৰ ব্যৱস্থা নাছিল।

এমেণ্ডমেণ্ট অব বেংগল-আগ্ৰা-আসাম চিভিল কৰ্ট এক্ট-১৮৮৭ অনুসৰি পূৰ্বে জিলা কৰ্টসমূহে ৫০ হাজাৰ টকা লৈ গোচৰ মীমাংসা কৰিব পাৰিছিল,বৰ্তমান ১০লাখ টকালৈকে পাৰিব।

'অসম কলেজ কৰ্মচাৰী নিয়মীয়াকৰণ আইন-২০০৫' অনুসৰি যিসমূহ কলেজৰ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ হোৱা নাছিল, সেইসকলে চিপিএফ ফাণ্ড ঘূৰাই দিলে লাভ কৰিব এতিয়াৰে পৰা পেঞ্চন।

প্ৰতিজন মন্ত্ৰীক দায়িত্ব লাভ কৰা নিজ নিজ সমষ্টিত বানপানী আৰু ক'ভিডৰ ক্ষেত্ৰত নিয়াৰিকৈ দায়িত্ব পালন কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নির্দেশ প্ৰদান কৰিছে।

কেবিনেট সিদ্ধান্তৰ কথা অৱগত কৰে মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।

Your Comments