"লাডাখত ভাৰতৰ ভূমিলৈ কুদৃষ্টি দিয়াসকলক উচিত প্ৰত্যুত্তৰ দিয়া হ'ল"-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Modi

লাডাখত ভাৰতৰ ভূমিলৈ কুদৃষ্টি দিয়াসকলক উচিত প্ৰত্যুত্তৰ দিয়া হ'ল।ভাৰতে মিত্ৰতা বৰ্তাই ৰাখিবও জানে আৰু চকুত চকু থৈ যথোচিত উত্তৰ দিবও জানে।দেওবাৰে 'মন কি বাত' অনুষ্ঠানত এই বুলি মন্তব্য কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে।প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে লাডাখত যিসকল ভাৰতীয় সৈনিক শ্বহীদ হ'ল,তেওঁলোকৰ প্ৰতি সমগ্ৰ দেশবাসীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।তেওঁলোকৰ শৌর্য্যৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে।সমগ্ৰ দেশবাসী তেওঁলোকৰ প্ৰতি কৃতজ্ঞ।এই বীৰ সৈনিকসকলক হেৰুওৱাৰ বেদনা তেওঁলোকৰ পৰিয়ালৰ লগতে প্ৰতিগৰাকী দেশবাসীয়ে অনুভৱ কৰিছে।

Your Comments