মহানগৰীৰ কটাহবাৰীত জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতা:হানি-খুচি হত্যা নাহৰফুটুকীক

Pic

মহানগৰীত জীৱশ্ৰেষ্ঠ মানুহৰ হাতত প্ৰাণ হেৰুৱালে এটা নাহৰফুটুকীয়ে।গুৱাহাটীৰ কটাহবাৰীত একাংশ লোকে হানি-খুচি হত্যা কৰে খাদ্য সন্ধানত জনাঞ্চললৈ ওলাই অহা এটা নাহৰফুটুকী বাঘক।অতি নিৰ্মমভাৱে বন্য প্ৰাণীটোক হানি-খুচি হত্যা কৰে একাংশ নিৰ্দয় লোকে।

স্থানীয় ৰাইজৰ পৰা লাভ কৰা খবৰ অনুসৰি ভালেমান দিন ধৰি অঞ্চলটোত বাঘটোয়ে বিচৰণ কৰাটো ৰাইজে প্ৰত্যক্ষ কৰিছিল।যাৰ বাবে বন বিভাগক বাঘটো ধৰাৰ বাবে আহ্বান জনাই বহু কেইবাবাৰ অৱগত কৰিছিল।কিন্তু ৰাজ্যৰ বিয়াগোম বন বিভাগে জনাঞ্চলত অৱস্থান কৰা বাঘটো ধৰাৰ বাবে বিশেষ তৎপৰতা গ্ৰহণ নকৰিলে।যাৰ বাবে ৰাইজে  নিজেই বাঘটো ধৰাৰ বাবে ফান্দ পাতে আৰু তাতে ধৰি বাঘটোক হানি-খুচি হত্যা কৰে।ইফালে,বাঘটো হত্যা কৰাৰ বহু সময়ৰ পিছত  বন বিভাগৰ লোক উক্ত স্থানত উপস্থিত হয়।

আনহাতে,নাহৰফুটুকীটোক হত্যাৰ সন্দৰ্ভত ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে গড়চুক আৰক্ষীয়ে।

Your Comments