ঘৰলৈ ওভতা প্ৰৱাসী শ্ৰমিকসকলক ৰোজগাৰ প্ৰদান:কেন্দ্ৰীয় চৰকাৰৰ বিশেষ আঁচনি ৰূপায়ণৰ প্ৰস্তুতি

Modi

'লকডাউন'ৰ সময়ত ঘৰলৈ ওভতা প্ৰৱাসী মজদুৰ সকলৰ বাবে ৰোজগাৰ আৰু আৰ্থিক সকাহ প্ৰদানৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষ আঁচনি গ্ৰহণ কৰিছে।সকলোতকৈ অধিকভাৱে প্ৰৱাসী শ্ৰমিক ঘৰলৈ ওভতা ৬ খন ৰাজ্যৰ ১১৬ খন জিলা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে চিনাক্ত কৰিছে।এই জিলাকেইখনত ঘৰলৈ ওভতা শ্ৰমিকসকলক বিভিন্ন আঁচনিৰ জড়িয়তে পোনপটীয়াকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব।লগতে বিভিন্ন কাৰিকৰী আৰু অন্যান্য কৌশলৰ প্ৰশিক্ষণ প্ৰদান কৰা হ'ব,যাতে শ্ৰমিকসকলে কর্মসংস্থাপন পাব পাৰে।

Your Comments