"কোৱাৰেণ্টাইন ভংগ কৰিলে জামিনবিহীন ফৌজদাৰী গোচৰ ৰুজু হ'ব"-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Pic

বহি:ৰাজ্যৰ পৰা অহা লোকৰ দেহত দ্ৰুতহাৰত বৃদ্ধি পাইছে কোভিড-১৯।এই কথাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰে পৰা ৰাজ্যত কঠোৰ হ'ব  কোৱাৰেণ্টাইন পদ্ধতি।বহি:ৰাজ্যৰ পৰা অহা প্ৰতিজন লোকে ১৪ দিন কোৱাৰেণ্টাইন কৰিব লাগিব।এই কথা প্ৰকাশ কৰিছে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।তেওঁ প্ৰকাশ কৰা অনুসৰি বহি:ৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা যাত্ৰীসকলৰ দেহত যি হাৰত কোভিড-১৯ দেখিবলৈ পোৱা গৈছে,তাৰ বাবে কোৱাৰেণ্টাইন অধিক কঠোৰ হ'ব লাগিব।গাঁওসমূহ কোভিড-১৯ পৰা মুক্ত কৰি ৰখাটো প্ৰধান লক্ষ্য বুলি মন্ত্ৰী ড:শৰ্মাই কয়।

দেশৰ দক্ষিণ আৰু পশ্চিমীয়া ৰাজ্যসমূহৰ পৰা অসমলৈ ঘূৰি অহা লোকসকলৰ দেহত দেখিবলৈ পোৱা গৈছে কোভিড-১৯।তাৰ বাবে প্ৰথম সাতদিন প্ৰতিজন লোক থাকিব লাগিব  কোৱাৰেণ্টাইন কেন্দ্ৰত।তাৰ পিছত যেতিয়া ব্যক্তিজনৰ নমুনা পৰীক্ষাৰ ফলাফল আহিব,তাৰ ওপৰত ভিত্তি কৰি যদি তেওঁৰ ক'ৰ'না নিগেটিভ আহে,তেতিয়া পুনৰ ৭দিনৰ বাবে হোম কোৱাৰেণ্টাইৰ বাবে পঠিওৱা হ'ব।উল্লেখ যে কোৱাৰেণ্টাইন যাতে ঠিক মতে হয়, তাৰ বাবে প্ৰতিজন কোৱাৰেণ্টাইন কেন্দ্ৰত থকা লোকৰ বাবে খোৱাৰ নামত দিনে ৫০০ টকাকৈ খৰছ কৰিব চৰকাৰে।যদি লোকজন হোটেলত কোৱাৰেণ্টাইন হয় তেন্তে তেওঁক ২০০০ টকা দৈনিক হোটেল ব্যয় বহন কৰিব চৰকাৰে।ইয়াৰ উপৰিও ৫০০টকা লোকজনৰ চাবোন আদি ক্ৰয় কৰাৰ বাবে অতিৰিক্তভাৱে প্ৰতিজন লোকৰ বাবে খৰচ কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।

 ইয়াৰ উপৰিও হোম কোৱাৰেণ্টাইনলৈ গ'লে ২০০০টকা প্ৰদান কৰিব    সম্পূৰ্ণ পৰিয়ালটোক।তাৰ পিছতো যদি কোনো লোকে কোৱাৰেণ্টাইন ভংগ কৰে উলংঘাকাৰীৰ বিৰুদ্ধে ৰুজু কৰিব ফৌজদাৰী গোচৰ।জামিন অযোগ্য ধাৰাত কৰা হ'ব গোচৰ ৰুজু।এই কথা ঘোষণা মন্ত্ৰী ড:শৰ্মাৰ।

Your Comments