দিচাংমুখৰ অফলা গাঁৱত নিশা বন্যহস্তীৰ তাণ্ডৱ:পাঁচটা গৃহ ধ্বংস

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই: 

দিচাং চাপৰিৰ পৰা দিচাং নদী পাৰ হৈ আহি বৃহস্পতিবাৰে নিশা প্ৰায় ১২ বজাত বন্যহস্তীৰ জাকটোৱে গাঁওখনৰ বাণীকান্ত মিলি,নুনাই মিলি,মুনি মিলি,নীৰৱ মিলি আৰু ৰমেশ পাংগিঙৰ ঘৰৰ বেৰ ভঙাৰ লগতে ভঁৰাল-গৃহ ভাঙি ধান খাই তহিলং কৰা বুলি জানিব পৰি গৈছে।ৰাইজে বন্যহস্তীৰ চিঞৰ-বাখৰত আতংকিত হৈ নিশা ঘৰৰ পৰা পলায়ন কৰি কথমপি প্ৰাণ ৰক্ষা কৰে।ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে ক্ষতিপূৰণ দিয়াৰ বাবে জিলা প্ৰশাসনক অনুৰোধ জনাইছে৷

Your Comments