পশ্চিম বংগ আৰু ওড়িশাত কাল-ধুমুহা 'অম্ফান'ৰ তাণ্ডৱ:ব্যাপক ক্ষতি

Pic

পশ্চিম বংগ আৰু ওড়িশাত কাল-ধুমুহা অম্ফানৰ তাণ্ডৱ।আগন্তুক ৪ ঘন্টা ধৰি এই ভয়ংকৰ ধুমুহাৰ তাণ্ডৱ অব্যাহত থাকিব।বংগোপ সাগৰত উৎপত্তি হোৱা অম্ফানৰ বাবে এই দুয়োখন ৰাজ্যত ইতিমধ্যে ব্যাপক ক্ষতি হৈছে।ঘণ্টাত ১০৬-১১০ কি:মি: বেগৰ প্ৰৱল বতাহত বহু আৱাস ক্ষতিগ্ৰস্ত হৈছে।অলেখ গছ,বিদ্যুৎ খুঁটা উভালি পৰিছে।পশ্চিম বংগৰ ৰাজধানী কলকাতা,হাওৰা,২৪ পৰগনা জিলা আদিত যথেষ্ট ক্ষতি হৈছে।পশ্চিম বংগৰ ৫ লাখ আৰু ওড়িশাত প্রায় ২ লাখ লোকক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।পশ্চিম বংগত ৫ জন ব্যক্তিৰ ধুমুহাত মৃত্যু হৈছে।

Your Comments