মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ পোষ্ট সম্পাদনা কৰা দুষ্টচক্ৰৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সৰ গোচৰ ৰুজু

#HimantaBiswaSharma#

স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ টুইটাৰ পোষ্ট সম্পাদনা কৰি ভুৱা খবৰ প্ৰকাশ কৰা দুষ্টচক্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু।গুৱাহাটী ক্ৰাইম ব্ৰান্সে নিজাকৈ গোচৰ ৰুজু কৰিছে।ক্ৰাইম ব্ৰান্সৰ গোচৰ নং ০৬/২০২০ ধাৰা ৪৭১, ৪৬৯ আইপিচি আৰু ৬৬(ডি) আই.টি এক্ট।এই কথা প্ৰকাশ কৰিছে ক্ৰাইম ব্ৰান্সৰ তৰফৰ পৰা।

Pic

উল্লেখ যে মন্ত্ৰী ড: শৰ্মাৰ টুইটাৰৰ কোভিড-১৯ এটা পোষ্টৰ স্ক্ৰীণশ্বট গ্রাফিক্স ব্যৱহাৰ কৰি সম্পাদনা কৰি ভুৱা খবৰ বিয়পাইছিল দুষ্টচক্ৰটোৱে। আজমেৰ পৰা কাছাৰ লৈ অহা বিশেষ বাছখনৰ আঠগৰাকী যাত্ৰী নতুনকৈ ক'ৰনা আক্রান্ত বুলি খবৰ প্ৰচাৰ কৰিছিল।লগতে ৰাজ্যত ৭০ জনলৈ ক'ৰ'না আক্রান্ত বৃদ্ধি হোৱা বুলি ভুৱা খবৰ প্ৰকাশ কৰিছিল।"

Your Comments