গহপুৰৰ বুৰৈঘাটত পুখুৰীত সোমাল হুণ্ডাই ক্ৰেটা বাহন

গহপুৰৰ বুৰৈঘাটত পুখুৰীত সোমাল হুণ্ডাই ক্ৰেটা বাহন

বিহালী আৰক্ষী থানাৰ অন্তর্গত বুৰৈঘাটত দেওবাৰে সন্ধিয়া এক ভয়াৱহ দুৰ্ঘটনা সংঘটিত হয় । ইটানগৰৰ পৰা গুৱাহাটী অভিমুখে গৈ থকা এখন হুণ্ডাই কাৰ বুৰৈঘাটৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এটা পুখুৰীত বাগৰি পৰে ।

দুৰ্ঘটনাটোত কাৰখনত থকা দুজন পুৰুষ, দুগৰাকী মহিলা আৰু এটা শিশুৰ দৈৱক্ৰমে প্ৰাণ ৰক্ষা পৰে ।

কাৰখনৰ নম্বৰ এম এল-১০ বি-৩৬৭৯ । আহতসকলক বৰগাঙৰ কেথলিক হস্পতালত ভৰ্তি কৰোৱা হৈছে ।

Your Comments