ক'ভিড-১৯ৰ বিৰুদ্ধে যুঁজ দি থকা প্ৰতিগৰাকী চিকিৎসাকর্মীলৈ বিশ্ব স্বাস্থ্য দিৱসৰ শুভেচ্ছা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ

Pic

মহামাৰী ক'ৰ'না ভাইৰাছৰ সংক্ৰমণৰ মাজতে মঙলবাৰে বিশ্বজুৰি পালন কৰা হৈছে বিশ্ব স্বাস্থ্য দিৱস।ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে চিকিৎসাৰ সেৱাত জড়িতসকলক ধন্যবাদ জ্ঞাপন কৰে।সামাজিক মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীগৰাকীয়ে সকলোকে জনাইছে শুভেচ্ছা। 

ক'ভিড-১৯ৰ বিৰুদ্ধে নিজৰ জীৱনক তুচ্ছ কৰি চিকিৎসা সেৱা  প্ৰদান কৰি আছে চিকিৎসক-নাৰ্চসকলে।চিকিৎসক,নাৰ্ছ আৰু ধাত্ৰীসকলকে ধৰি স্বাস্থ্যসেৱাত নিয়োজিত প্ৰতিগৰাকী কৰ্মীয়েই হৈছে আমাৰ স্বাস্থ্য সেৱাৰ জীৱন-ৰেখাস্বৰূপ।মুখ্যমন্ত্ৰী সোণোৱালে কয়।

ইয়াৰ উপৰিও তেওঁ কয়-"বিশ্ব স্বাস্থ্য দিৱসত এইসকল সাহসী যোদ্ধাক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ,যিসকলে নিজৰ জীৱনকো সংকটত ৰাখি ক'ভিড-১৯ৰ বিৰুদ্ধে সন্মুখৰপৰা যুঁজ দি আছে।"

মুখ্যমন্ত্ৰী সোণোৱালে স্বাস্থ্য খণ্ডৰ লগত জড়িতসকলৰ মংগল কামনা কৰে।আজিৰ এই কৰ'নাৰ বিৰুদ্ধে যুঁঁজৰ  প্ৰত্যাহ্বানপূৰ্ণ সময়ত সকলোৱে তেওঁলোকৰ কাষত থিয় হ'ব লাগে বুলি বক্তব্য প্ৰকাশ কৰে।

Your Comments