'অসম আৰোগ্য নিধি'লৈ শিৱসাগৰৰ ব্যৱসায়ীৰ ১ লাখ টকাৰ অনুদান 

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

সমগ্ৰ দেশতে 'লকডাউন' অব্যাহত থকাৰ সময়ছোৱাত অত্যাৱশ্যকীয় সামগ্ৰীক লৈ সমস্যাৰ সন্মুখীন হোৱা শিৱসাগৰৰ আৰ্তজনৰ কাষত থিয় দিছে মানৱদৰদী একাংশ ব্যক্তি আৰু অনুষ্ঠান।ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত অব্যাহত থকা লকডাউন প্ৰক্ৰিয়াৰ বাবে খাদ্য সামগ্ৰীকে ধৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীক লৈ সমস্যাৰ সন্মুখীন হোৱা দিন হাজিৰা কৰি জীৱন নিৰ্বাহ কৰা ব্যক্তিসকলৰ সহায়ৰ বাবে সোমবাৰে শিৱসাগৰৰ ব্যৱসায়ী পুলিন গায়নে  জিলা উপায়ুক্তৰ হাতত ব্যক্তিগতভাৱে চেকযোগে 'অসম আৰোগ্য নিধি'লৈ ১ লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়ায়।

Your Comments