চৰকাৰী শিক্ষা ব্যৱস্থাৰ নগ্ন ৰূপ : মৰিগাঁৱত বিদ্যালয়ৰ পৰিৱৰ্তে পাঠদান চলে ঘৰৰ চোতালত

চৰকাৰী শিক্ষা ব্যৱস্থাৰ নগ্ন ৰূপ : মৰিগাঁৱত বিদ্যালয়ৰ পৰিৱৰ্তে পাঠদান চলে ঘৰৰ চোতালত

মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষা খণ্ডৰ অন্তৰ্গত এখন প্ৰাথমিক বিদ্যালয়ৰ দুৰৱস্হা । এজাক বৰষুণতেই বানপানী সদৃশ পৰিৱেশৰ সৃষ্টি হয় বিদ্যালয়খনত ।

যাৰফলত যমৰ যাতনা ভুগিবলগীয়া হৈছে বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলে । বিদ্যালয়খ নহ'ল লাহৰীঘাট প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত শিয়ালমাৰী চৰ প্ৰাথমিক বিদ্যালয় ।

বিদ্যালয়খনত মুঠ ছাত্ৰ-ছাত্ৰী ১০৪জন । কেতিয়াবা যদি এই ছাত্ৰ-ছাত্ৰীসকলে পাঠ গ্ৰহণ কৰিছে কোনো লোকৰ ঘৰৰ চোতালত, আন কেতিয়াবা আকৌ বাৰন্দাতে পাঠ গ্ৰহণ কৰিবলগা হৈছে ।

চৰকাৰী শিক্ষা ব্যৱস্থাৰ নগ্ন ৰূপ : মৰিগাঁৱত বিদ্যালয়ৰ পৰিৱৰ্তে পাঠদান চলে ঘৰৰ চোতালত

নিতৌ এতিয়া এনেদৰেই চলিছে পাঠদান । চোতালত পাঠদান কৰি থকা অৱস্থাত বৰষুণ দিলে আধাতে পাঠদান এৰি যাবলগীয়া হয় মানুহৰ ঘৰৰ বাৰান্দালৈ । কিন্তু বাৰান্দাতো নধৰে সকলো ছাত্ৰ-ছাত্ৰী ।

যাক লৈ এতিয়া শিক্ষকসকলৰ লগতে ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলেও চিন্তিত হৈ পৰিছে ।

Your Comments