জুৱা-তীৰ আৰু মদৰ মুকলি বেহাত তামুলপুৰত বিনষ্ট সামাজিক পৰিৱেশ

জুৱা-তীৰ আৰু মদৰ মুকলি বেহাত তামুলপুৰত বিনষ্ট সামাজিক পৰিৱেশ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত দৰংগামেলা, খৈৰাণী, চেঁচাপানী, কুমাৰীকাটা, লতিবাৰী, পাকৰিবাৰী, ইক্ৰাজুলী, পাটকিজুলিকে ধৰি বিভিন্ন ঠাইৰ চুকে-কোণে তীৰ খেলৰ মুকলি বেপাৰ চলি আছে ।

এই অঞ্চলসমূহত অকল তীৰ খেলেই নহয়, জুৱা আৰু মদৰ দ্বাৰা সামাজিক পৰিৱেশ বিনষ্ট হৈছে । স্কুল-কলেজত পঢ়ি থকা ছাত্র-ছাত্ৰীও লিপ্ত হৈ পৰিছে এই অসামাজিক কামবোৰত ।

তীৰ এজেণ্টসকলে তীৰৰ পৰা বহু টকা উপাৰ্জনৰ লোভ দেখুৱাই দুখীয়া মানুহৰ পৰা আত্মসাৎ কৰি আছে লাখ লাখ টকা ৷ পৰিতাপৰ কথা যে বাক্সা জিলাৰ প্ৰশাসন আৰু জাতীয় দল-সংগঠনসমূহে এই তীৰ, জুৱা, আৰু মদৰ মুকলি বেপাৰ দেখিও নেদেখাৰ ভাওজুৰি থকা পৰিলক্ষিত হৈছে ।

এই ক্ষেত্ৰত যদি অনতি পলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নহয় তেতিয়াহ'লে যুৱপ্ৰজন্ম ধ্বংসৰ গৰাহলৈ গতি কৰাৰ লগতে সামাজত বিৰূপ প্ৰভাৱ পৰিব বুলি সচেতন ৰাইজে মন্তব্য কৰিছে ৷

Your Comments