মৰিগাঁৱত ব্যাপক গৰাখহনীয়া : লাহৰীঘাটৰ ২৩ কোটিটকীয়া মথাউৰিলৈ তীব্ৰ ভাবুকি

মৰিগাঁৱত ব্যাপক গৰাখহনীয়া : লাহৰীঘাটৰ ২৩ কোটিটকীয়া মথাউৰিলৈ তীব্ৰ ভাবুকি

মৰিগাঁৱৰ উত্তৰাঞ্চলত বৰলুইতে ধৰিছে সংহাৰী ৰূপ । ভয়াৱহ খহনীয়াত জাহ যোৱাৰ উপক্ৰম ঘটিছে ২৩ কোটিটকীয়া নৱনিৰ্মিত  মাথাউৰি । জিঅ' বেগ দি জলসম্পদ বিভাগে মাথাউৰি ৰক্ষাৰ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই ।

উল্লেখ্য যে মৰিগাঁৱৰ লাহৰীঘাটৰ তুলসীবড়ীত খহনীয়াই সংহাৰী ৰূপ ধাৰণ কৰিছে । যিকোনো মুহূৰ্ততে নৱনিৰ্মিত ২৩ কোটি টকীয়া মাথাউৰিটো ছিঙাৰ সম্ভাৱনা প্ৰায় প্ৰকট হৈ পৰিছে ।

মৰিগাঁৱত ব্যাপক গৰাখহনীয়া : লাহৰীঘাটৰ ২৩ কোটিটকীয়া মথাউৰিলৈ তীব্ৰ ভাবুকি

বৰলুইতে অব্যাহত ৰখা তীব্ৰ খহনীয়াৰ ফলত আতংকিত হৈ পৰিছে নৈপৰীয়া অঞ্চলৰ লোকসকল । বৰলুইতৰ খহনীয়াৰ তাণ্ডৱত ইতিমধ্যে জাহ গ'ল অঞ্চলটোৰ ঐতিহ্যমণ্ডিত মছজিদৰ লগতে বহুকেইখন শিক্ষানুষ্ঠান ।

উল্লেখ্য যে কিছুদিন পূৰ্বে জিলা গ্ৰামোন্নয়ন বিভাগ আৰু জলসম্পদ বিভাগে লাহৰীঘাটৰ তুলসীবড়ী অঞ্চলত ৭.৫ কিলোমিটা মাথাউৰিটো ২৩ কোটি  টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰিছিল ।

মৰিগাঁৱত ব্যাপক গৰাখহনীয়া : লাহৰীঘাটৰ ২৩ কোটিটকীয়া মথাউৰিলৈ তীব্ৰ ভাবুকি

শেহতীয়াকৈ এই মাথাউৰিটোলৈ তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে । নৈপৰীয়া লোকসকলে এতিয়া সম্ভাৱ্য বিপদ দেখি আতংকিত হৈ দিন-ৰাতি পাৰ কৰিবলগা হৈছে । পৰিতাপৰ কথা যে খহনীয়াত সৰ্বস্ৰান্ত লোকসকলৰ অৱস্থাৰ বুজ ল'বলৈ সময় নাই স্থানীয় বিধায়ক ডাঃ নজৰুল ইছলামৰ ।

ইপিনে জলসম্পদ বিভাগে সময়মতে কাম নকৰি বাৰিষাৰ সময়ত জিঅ' বেগ পেলাই মাথাউৰি ৰক্ষাৰ চেষ্টা কৰাত স্হানীয় লোকে তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে ।

Your Comments