বঙাইগাঁৱত অসম বিজ্ঞান সমিতিৰ উদ্যোগত গ্ৰাম্য বিজ্ঞান মেলা

বঙাইগাঁৱত অসম বিজ্ঞান সমিতিৰ উদ্যোগত গ্ৰাম্য বিজ্ঞান মেলা

অসম চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তি বিভাগৰ সহযোগত তথা অসম বিজ্ঞান সমিতিৰ বঙাইগাঁও শাখাৰ উদ্যোগত শনিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে বঙাইগাঁৱৰ মূলাগাঁওস্থিত লালবাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠত গ্ৰাম্য বিজ্ঞান মেলা আৰম্ভ হৈছে ৷

গ্ৰাম্য বিজ্ঞান মেলা উপলক্ষে পুৱা অসম বিজ্ঞান সমিতিৰ পতাকা উত্তোলন কৰে শাখাৰ সভাপতি ডা: নৃপেন্দ্ৰ কুমাৰ শৰ্মাই আৰু গছপুলি ৰোপণ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি অনিল কুমাৰ সিংহৰ লগতে লালবাহাদুৰ শাস্ত্ৰী বিদ্যাপীঠৰ প্ৰধান শিক্ষক যোগেদি নাথ, বিশিষ্ট নাগৰিক প্ৰফুল্ল কুমাৰ সিংহ, উপেন বৰ্মন, প্ৰাক্তন প্ৰধান শিক্ষক ৰুদ্ৰেশ্বৰ পাঠক আৰু ধনীৰাম চৌধুৰীয়ে ৷

বঙাইগাঁৱত অসম বিজ্ঞান সমিতিৰ উদ্যোগত গ্ৰাম্য বিজ্ঞান মেলা

ইয়াৰ পিছতে গ্ৰাম্য বিজ্ঞান মেলা উদ্বোধন আৰু প্ৰদৰ্শনীৰ দ্বাৰ মুকলি কৰে বঙাইগাঁও পলিটেকনিকৰ অধ্যক্ষ ড: চক্ৰধৰ দাসে ৷ কাৰ্যসূচী অনুসৰি ইয়াৰ পিছতে বিজ্ঞান আৰ্হি প্ৰদৰ্শনী, বিজ্ঞানৰ পোষ্টাৰ আৰু শ্লোগান প্ৰতিযোগিতা, বিজ্ঞান বনাম অন্ধবিশ্বাস বিষয়ক বক্তৃতা প্ৰতিযোগিতা আদি অনুষ্ঠিত হয় ৷

সেইদৰে বঙাইগাঁও ৰে'লৱে' উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীবৃন্দই প্ৰদৰ্শন কৰে 'এক্সপ্ল'ৰ মাইক্ৰ' ৱৰ্ল্ড থ্ৰ' ফল্ডাৰস্ক'প' বিষয়ক বিশেষ প্ৰদৰ্শনী ৷ দুপৰীয়াৰ ভাগত অনুষ্ঠিত হয় 'আকাশ চোৱাৰ আনন্দ' বিষয়ক বিশেষ বক্তৃতা অনুষ্ঠান ৷

অনুষ্ঠানত বীৰঝৰা মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপক মানবেন্দ্ৰ দাসে বক্তা হিচাপে উপস্থিত থাকে ৷ আবেলিৰ ভাগত অনুষ্ঠিত হয় 'মন আৰু স্বাস্থ্য' বিষয়ক ছাত্ৰ-ছাত্ৰী আৰু ৰাইজৰ সৈতে স্বাস্থ্য বিষয়ক বক্তৃতা অনুষ্ঠান ৷

বঙাইগাঁৱত অসম বিজ্ঞান সমিতিৰ উদ্যোগত গ্ৰাম্য বিজ্ঞান মেলা

ডা: ফিৰোজ আহমেদে সঞ্চালনা কৰা বক্তৃতা অনুষ্ঠানত বঙাইগাঁও অসামৰিক চিকিসালয়ৰ অধীক্ষক ডা: অলি চক্ৰৱৰ্তীয়ে বক্তৃতা প্ৰদান কৰে ৷ আজিৰ কাৰ্যসূচীসমূহৰ ভিতৰত পুৱাৰ ভাগত বিভিন্ন কাৰ্যসূচীৰ লগতে 'এগৰাকী বিজ্ঞানীৰ জীৱনী' বিষয়ক ৰচনা প্ৰতিযোগিতা আৰু যাদু প্ৰদৰ্শন হ'ল অন্যতম ৷

যাদু প্ৰদৰ্শন কৰে যাদৱ চন্দ্ৰ দাসে ৷ আনহাতে, পুৱা ১১ বজাত 'সমাজত অন্ধবিশ্বাস-কুসংস্কাৰৰ প্ৰভাৱ আৰু আমাৰ কৰণীয়' বিষয়ক এখন ৰাইজমেল অনুষ্ঠিত হয় ৷ বীৰঝৰা মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ড: মৃগেন দাসৰ সঞ্চালনাত অনুষ্ঠিত ৰাইজমেলত অসম বিজ্ঞান সমিতিৰ প্ৰধান সচিব ড: জয়দ্বীপ বৰুৱা, সমাজকৰ্মী ড: বীৰুবালা ৰাভা আৰু জ্যেষ্ঠ চিকিৎসক তথা সমাজকৰ্মী ডা: নাট্যবীৰ দাসে আলোচক হিচাপে উপস্থিত থাকে ৷

আবেলি অনুষ্ঠিত হ'ব সামৰণী তথা বঁটা বিতৰণী অনুষ্ঠান ৷ অনিল কুমাৰ সিংহই সভাপতিত্ব কৰিবলগীয়া অনুষ্ঠানত ৰাজ্যৰ খাদ্য আৰু যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে মুখ্য অতিথি আৰু অসম বিজ্ঞান সমিতিৰ প্ৰধান সচিব ড: জয়দ্বীপ বৰুৱাই সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব ৷
 

Your Comments