হিমাৰ সফলতা কামনা কৰি নগাঁৱৰ নসত্ৰবাসীৰ নাম-কীৰ্তন

হিমাৰ সফলতা কামনা কৰি নগাঁৱৰ নসত্ৰবাসীৰ নাম-কীৰ্তন

হিমাৰ ফাইনেল খেললৈ মাজত মাথোঁ কেইটামান মুহূৰ্ত ৷ হিমাক লৈ আশাবাদী সমগ্ৰ অসমৰ লগতে নগাঁৱৰ ঐতিহ্যমণ্ডিত নসত্ৰবাসী । ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত এছিয়ান গেম্‌ছত কালি হিমাৰ অভূৰ্তপূৰ্ব সাফল্যৰ পাছত আজি ফাইনেল খেললৈ সাজু নগাঁও ধিঙৰ জীয়াৰী হিমা ।

কেইটামান মুহূৰ্তৰ পাছতেই ফাইনেল খেলৰ ট্ৰেকত নামিব স্বৰ্ণকন্যা, 'ধিং এক্সপ্ৰেছ'ৰূপে খ্যাত হিমা ৷ হিমাক লৈ আশাবাদী প্ৰতিজন অসমীয়াৰ লগতে ভাৰতবাসী ৷ সকলোৰে আশা, অসম জীয়াৰী তথা স্বৰ্ণকন্যা হিমাই দুভৰিৰ যাদুৰে ইতিহাস ৰচি গৌৰাৱান্বিত কৰিব সমগ্ৰ দেশবাসীক ৷

সেয়েহে হিমাই যাতে ট্ৰেকত সফলতা অৰ্জন কৰি সুনাম কঢ়িয়াই আনিব পাৰে তাৰে কামনাৰে হিমাৰ জন্মভূমি নগাঁৱৰ নসত্ৰবাসী কৰিছে নাম-প্ৰসংগ । ইতিমধ্যেই আৰম্ভ হৈছে নগাঁওবাসী ৰাইজৰ সমুহীয়া প্ৰাৰ্থনাও ৷

জাতি, বৰ্ণ,  ধৰ্ম নিৰ্বিশেষে সকলোৰে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা- হিমাই সফলতা অৰ্জন কৰক ৷

Your Comments