বঙাইগাঁও জিলা সদৰৰ অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ দুটা ভাগত খোলা ৰখাৰ বাবে জিলা প্ৰশাসনৰ নিৰ্দেশ

Pic

বঙাইগাঁৱৰ প্ৰতিবেদক:

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে মঙলবাৰে সন্ধিয়া ৬ বজাৰ পৰা কাৰ্যকৰী হোৱা লকডাউনৰ সময়চোৱাত ৰাইজৰ সুবিধাৰ্থে বঙাইগাঁও জিলা প্ৰশাসনে বঙাইগাঁও পৌৰসভাৰ অন্তৰ্গত অত্যাৱশ্যকীয় সামগ্ৰীৰ দোকানসমূহ দুটা ভাগত খোলা ৰাখিব পাৰিব বুলি নিৰ্দেশ জাৰি কৰিছে।সেইমৰ্মে উত্তৰ বঙাইগাঁও এলেকাৰ দোকানসমূহ দিনৰ ১০ বজাৰ পৰা বিয়লি ১ বজালৈ খোলা ৰাখিব পাৰিব আৰু দক্ষিণ বঙাইগাঁও এলেকাৰ দোকানসমূহ বিয়লি ২ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ খোলা ৰাখিব পাৰিব।পিছে এই ক্ষেত্রত এটা পৰিয়ালৰ এজন ব্যক্তিয়েহে সামগ্ৰী ক্ৰয় কৰিবলৈ ঘৰৰ পৰা ওলাই আহিব পাৰিব।দোকানসমূহৰ সন্মুখত ভিৰ বা সমাগম কৰিব নোৱাৰিব।প্ৰতিজন ব্যক্তিয়ে মুখত মাস্ক পৰিধান কৰি এক মিটাৰ দূৰত্বত শাৰীপাতি সামগ্ৰী ক্ৰয় কৰিব লাগিব।দোকানসমূহৰ সন্মুখত চাবোন-পানী,এলকহলযুক্ত ছেনিটাইজাৰ , হেণ্ডৱাচ আদিৰ ব্যৱস্থা মজুত থকাটো বঙাইগাঁও জিলা প্ৰশাসন আৰু বঙাইগাঁও পৌৰসভাই বাধ্যতামূলক কৰিছে।

Your Comments