ক'ৰ'না সংকটৰ বাবে দেশত বন্ধ কৰা হ'ল টোল গেটত কৰ সংগ্ৰহ ব্যৱস্থা

Pic

ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি দেশৰ সকলো টোল গেটত কৰ সংগ্ৰহ সাময়িকভাৱে স্থগিত কৰা হৈছে।অনিৰ্দিষ্ট কালৰ বাবে বন্ধ কৰি দিয়া হৈছে কৰ সংগ্ৰহৰ ব্যৱস্থা।নতুন নিৰ্দেশ নিদিয়া পৰ্যন্ত কোনো টোল গেটত সংগ্ৰহ কৰিব নোৱাৰিব মাচুল।এই কথা প্ৰকাশ কৰিছে কেন্দ্ৰীয় পথ-পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে।

মন্ত্ৰীগৰাকীয়ে টুইটাৰত প্ৰকাশ কৰা অনুসৰি জৰুৰীকালীন সেৱাৰ প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত।লকডাউনৰ ফলত ইতিমধ্যে দেশত বন্ধ হৈ পৰিছে সকলো ধৰণৰ বাহন চলাচল।একমাত্ৰ জৰুৰীকালীন সেৱা আৰু খাদ্য-সামগ্ৰী সৰবৰাহত জড়িত বাহনসমূহৰহে আছে চলাচল কৰাৰ অনুমতি।

উল্লেখ যে বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা ক'ৰ'না ভাইৰাছে শেহতীয়াভাৱে দেশতো ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।

Your Comments