ক'ৰ'না আক্রান্তৰ বাবে সৰুসজাই ক্ৰীড়া প্ৰকল্পত ৭শ বিচনাযুক্ত কেন্দ্ৰ নিৰ্মাণ

Pic

বিশ্বত সংহাৰী ৰূপ ধাৰণ কৰা মহামাৰী ক'ৰ'না ভাইৰাছে শেহতীয়াভাৱে দেশত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে।ইয়াৰ প্ৰতি লক্ষ্য ৰাখি মহামাৰী ক'ৰ'না ভাইৰাছৰ সৈতে যুঁজ দিবলৈ যুদ্ধকালীন তৎপৰতাৰে সাজু হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। মহামাৰী ক'ৰ'নাৰ পৰা ৰাজ্যবাসীক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে ৰাজ্যৰ।স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে বহু গুৰুত্বপূৰ্ণ পদক্ষেপ।ক'ৰ'না ভাইৰাছত সংক্ৰমিত লোকক আছুতীয়াকৈ ৰখাৰ বাবে গুৱাহাটী মহানগৰী লখৰাস্থিত সৰুসজাই ক্ৰীড়া প্ৰকল্পত নিৰ্মাণ কৰা হৈছে অস্থায়ী কেন্দ্ৰ।প্ৰায় ৭০০ লোকক একে সময়তে ৰাখি চিকিৎসা কৰিব পৰাকৈ স্বাস্থ্য বিভাগৰ নিৰ্দেশত নিৰ্মাণ কৰা কেন্দ্ৰতো বৃহস্পতিবাৰে পুৱা পৰিদৰ্শন কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।কেন্দ্ৰটো পৰিদৰ্শন কৰি মন্ত্ৰী শৰ্মাই কয়-"অহা এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব কেন্দ্ৰটোৰ নিৰ্মাণৰ কাম।" উল্লেখ যে অস্থায়ী কেন্দ্ৰটোত ৰোগীৰ বাবে থাকিব লেট্ৰিন-বাথৰুমৰ সকলো সুবিধা।সম্পূৰ্ণ বিজ্ঞানসন্মতভাৱে কেন্দ্ৰটো নিৰ্মাণ কৰা হৈছে বুলি মন্ত্ৰী ডঃ শৰ্মাই কয়। গুৰুত্বপূৰ্ণ কথা এই যে প্ৰথম পৰ্যায়ত ২০০ লেট্ৰিন-বাথৰুম স্থাপন কৰা হ'ব কেন্দ্রটোত।পৰৱৰ্তী সময়ত প্ৰত্যেক ৰোগীৰ কক্ষত স্থাপন কৰা হ'ব একোটাকৈ লেট্ৰিন আৰু বাথৰুম।মন্ত্ৰী শৰ্মাই কয়। আনহাতে সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ সমান্তৰালকৈ নেহৰু ষ্টেডিয়ামতো স্থাপন কৰা হ'ব অস্থায়ী শিবিৰ। মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিহাৰ,পশ্চিমবংগ,কেৰেলা আদিৰ পৰা অহাৰ পিছত Home Quarantineত ৰখা ব্যক্তিসকলকো ৰখা হ'ব অস্থায়ী কেন্দ্রতোট। উল্লেখ যে পশ্চিমবঙ্গৰ শ্ৰীৰামপুৰ গেটত বাহিৰৰ পৰা অহা প্ৰায় ৭০০লোক বৰ্তমানো আবদ্ধ হৈ আছে।একেদৰে গুৱাহাটীতো বহু লোক ব্যক্তি আৱদ্ধ হৈ থকা বুলি মন্ত্ৰী শৰ্মাই সদৰি কৰে।

Your Comments