"মহাভাৰতৰ যুদ্ধ ১৮ দিনত জিকা হৈছিল,ক'ৰ'নাৰ বিৰুদ্ধে যুঁজ ২১ দিনত জিকিব লাগিব"-প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

Pic

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বুধবাৰে তেওঁৰ লোকসভা সমষ্টি বাৰানসীৰ জনতাৰ সৈতে ভিডিঅ' কনফাৰেন্সিঙৰ যোগেদি বাৰ্তালাপ কৰে।বাৰানসীৰ কেইবাজনো বাসিন্দাৰ সৈতে হোৱা বাৰ্তালাপত প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে মহাভাৰতৰ যুদ্ধ ১৮ দিনত জিকা হৈছিল।ক'ৰ'নাৰ বিৰুদ্ধে যুদ্ধ ২১ দিনত জিকিব লাগিব।ভাৰতৰ মহাৰথী ১৩০ কোটি বাসিন্দাৰ সমন্বিত প্ৰয়াসৰ জড়িয়তে ক'ৰ'নাৰ বিৰুদ্ধে যুঁজত জয়লাভ কৰিব লাগিব।লগতে, প্ৰধানমন্ত্ৰীয়ে ক'ৰ'না ভাইৰাছৰ সংক্ৰমণত নাগৰিকসকলক চিকিৎসকৰ পৰামৰ্শ অবিহনে নিজাববীয়াভাৱে ঔষধ সেৱন নকৰিবলৈ আহ্বান জনায়,কাৰণ এয়া বিপদজনক হ'ব পাৰে।

Your Comments