আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন সম্পৰ্কত ৰঙিয়াত যুৱ ছাত্ৰ পৰিষদৰ আলোচনা চক্ৰ

rangia_assam

অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তনৰ প্ৰাসঙ্গিকতা সম্পৰ্কত ঐতিহ্য মণ্ডিত কৃষক ছহীদ ভৱনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এখন আলোচনাচক্ত অনুষ্ঠিত হয় । অসম জাতীয়তবাদী যুৱ-ছাত্ৰ পৰিষদৰ ৰঙিয়া জিলা সমিতিৰ সভাপতি ৱাহেদুৰ ৰহমানৰ সভাপতিত্বত অনুষ্ঠিত হোৱা আলোচনাচক্ৰ খন উদ্ধোধন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উপদেষ্টা পবিত্ৰ ডেকা । উদ্ধোধন ভাষণত ছাত্ৰনেতা ডেকাই কয় যে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্মলগ্নৰ পৰাই অসমৰ আৰ্থ-সামাজিক,ৰাজনৈতিক আৰু সাংবিধানিক সুৰক্ষাৰ বাবে অসমত পূৰ্ণ স্বায়ত্ব শাসন,দ্বি নাগৰিকত্ব আৰু পাৰপত্ৰ ব্যৱস্থা পৱৰ্তনৰ দাৱীত সংগ্ৰাম চলাই আহিছো ।

rangia_asam

আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা প্ৰৱৰ্তন নকৰিলে অসমৰ থলুৱা খিলঞ্জীয়া লোকৰ অস্তিত্ব সুৰক্ষিত নহয় বুলিও তেখেতে কয় । অনুষ্ঠানটোত আলোচক হিচাপে উপস্থিত থাকি মুক্তিযোদ্ধা কৃষ্ণ লহকৰে কয় মিজোৰাম, নাগালেণ্ড, অৰুণাচল এই তিনিখন ৰাজ্যত পাৰপত্ৰ ব্যৱস্থা বলবত থকাৰ ফলত সেই ৰাজ্যৰ জনগণ সুৰক্ষিত হৈ আছে।অচিৰেই অসমতো আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা বলৱত কৰি থলুৱা খিলঞ্জীয়া জনগণৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে দাৱী জনায় । আজিৰ কাৰ্য্যসূচীত উপস্থিত থাকে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা জ্যোতিৰ্ময় কলিতা,কাৰ্য্যনিৰ্বাহক সদস্য বিনয় ডেকা, ৰঙিয়া আঞ্চলিকৰ সম্পাদক নৱজ্যোতি কলিতা সহ সংগঠনটোৰ ভালে সংখ্যক নেতা-কৰ্মী ।

Your Comments