ডিব্ৰুগড়ত সংগীতেৰে বান সাহায্য সংগ্ৰহ শিক্ষাৰ্থীৰ

dibrugarh_collaction

এটা নৱ প্ৰজন্মৰ দল । মন আতুৰজনক সহায় কৰাৰ । সেয়ে ডনেচন বক্স লৈ, পথত বিচাৰিছে বৰঙণি ৰাইজৰ পৰা । হয়, আপুনি ঠিকেই ভাবিছে এইয়ানো কি ডাঙৰ কথা । আজিকালি চান্দা কালেকচনটো তেনেই সাধাৰণ কথা দেখোন । কিন্তু এইয়া এক ব্যতিক্ৰমী প্ৰয়াস । কাৰণ এই কালেকচনৰ বিনিময়ত দান কৰা হৈছে শ্ৰম । এইয়া কৰ্ম সংস্কৃতি বজাই ৰাখি বিনিময়ত পোৱা পৰিশ্ৰমৰ মূল্য, যাক ব্যৱহাৰ কৰা হ'ব ৰাজ্যৰ বানাক্ৰান্তক উদ্ধাৰৰ বাবে । ৰাজ্যত বিভিন্ন দলে বিভিন্ন অজুহাতত চান্দা সংগ্ৰহৰ এক সহজ বাট মুকলি কৰি সহজে টকা ঘটাৰ এটা প্ৰৱনতা গঢ়ি তোলাৰ সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ গোটে কৰ্ম সংস্কৃতিৰ যোগেদি বিনিময়ত গোটাইছে পাৰিশ্ৰমিক বানাক্ৰান্তক সহায় কৰিবলৈ । 

ডিব্ৰুগড়ৰ কেইবাটাও ৰাজহুৱা স্থানত এইসকল তৰুণ-তৰুণীয়ে সুৰ-তাল-লয়ৰ সংগম কৰি ৰাইজক আমোদ-প্ৰদানেৰে বিনিময়ত সংগ্ৰহ কৰিছে পাৰিশ্ৰমিক বানাক্ৰান্তক সহায়ৰ বাবে । ডিব্ৰুগড়ৰ কানৈ মহাবিদ্যালয়, মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয় আদিৰ সংগীতৰ লগত জড়িত শিক্ষাৰ্থীৰ সহযোগিতাত এই দলটোৱে চান্দা কালেকচনৰ সহজে টকা ঘটাৰ বাবে নহয়, পৰিশ্ৰম কৰি উপাৰ্জনেৰেহে মহৎ কামলৈ বৰঙণি আগবঢ়াব যে পাৰি, তাৰেই যেন দাঙি ধৰিছে উজ্জ্বল নিদৰ্শন ।

Your Comments