পশ্চিম বাগোদিত ভলীবল প্ৰতিযোগিতা সম্পন্ন

chagya_sport

বৰপেটা জিলাৰ চেঙা বিধান সভা সমষ্টিৰ পশ্চিম বাগোদিৰ যুৱ সংঘ আৰু লাইব্ৰেৰীৰ সৌজন্যত ঈদ উপলক্ষে এখন দিবা-নৈশ ভলীবল প্ৰতিযোগিতা কালি অনুষ্ঠিত হৈ যায় । আঠটা দলে অংশগ্ৰহণ কৰা ভলীবল প্ৰতিযোগিতাখন উদ্বোধন কৰে বিশিষ্ট সমাজকৰ্মী তথা অগপৰ বৰপেটা জিলা সমিতিৰ উপ-সভাপতি ৰবিউল হুছেইনে । ৰবিউল হুছেইনে উদ্বোধনী ভাষণত গ্ৰামাঞ্চলত লুপ্ত প্ৰায় ভলীবলক উজ্জীৱিত ৰূপ দিব লাগিব বুলি কোৱাৰ লগতে খেলৰ জৰিয়তে ভাতৃত্ববোধ, সমন্বয় স্থাপন হোৱা বুলিও উল্লেখ কৰে । এই  খেলৰ জৰিয়তে গ্ৰামাঞ্চলৰ পৰা সুদক্ষ খেলুৱৈৰ জন্ম হ'ব বুলিও আশাবাদী ৰবিউল হুছেইনে । প্ৰতিযোগিতাখনত প্ৰথম স্থান ব্যাসকুছিৰ ছাহানাছ ভলীবল ক্লাব আৰু দ্বিতীয় স্থান দখল কৰে কয়াকুছি ভলীবল ক্লাবে ।

Your Comments