শিক্ষকৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে মনোনীত অসমৰ একমাত্ৰ শিক্ষক দৰঙৰ শশাঙ্ক হাজৰিকা

guru das_mla

অহা ৫ ছেপ্টেম্বৰত শিক্ষক দিৱস উপলক্ষে দেশৰ ৰাষ্ট্ৰপতিৰ পৰা কৃতি  শিক্ষকৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ  বঁটা গ্ৰহণ কৰিব অসমৰ পৰা একমাত্ৰ মনোনীত হোৱা  দৰং জিলাৰ জনাৰামচৌকা  গাঁও পঞ্চায়তৰ অন্তৰ্গত ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতা কৰা  পকাবাঙিপাৰাৰ শশাঙ্ক হাজৰিকাই । অসমৰ হৈ ৰাষ্ট্ৰীয় সন্মানৰ বাবে বিবেচিত হোৱা  শশাঙ্ক হাজৰিকাক উষ্ম আদৰণি জনায় মঙলদৈ বিধানসভা সমষ্টিৰ  বিধায়ক গুৰুজ্যোতি দাস তথা বহুতো শুভাকাক্ষীয়ে ৷ 

ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক হিচাপে যোগদান কৰাৰে পৰা ছাত্র-ছাত্রীৰ মাজত এক শৈক্ষিক বিপ্লৱৰ সৃষ্টি কৰি ২০১৭  চনৰ ৰাষ্ট্ৰীয়  বঁটাৰ বাবে অসমৰ পৰা মনোনীত হোৱাত মঙলদৈ মহকুমা ছাত্র সন্হা আৰু ডাঁহী আঞ্চলিক ছাত্র সন্হাৰ পৰা  তেওঁঁক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে ।

Your Comments