নাগ্ৰীজুলিত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ

নাগ্ৰীজুলিত পুনৰ বনৰীয়া হাতীৰ তাণ্ডৱ

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত নাগ্ৰীজুলিত কমা নাই বনৰীয়া হাতীৰ তাণ্ডৱ । খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা বনৰীয়া হাতীৰ এটি জাকে যোৱানিশা নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ২নং ডোঙৰগাঁৱত প্ৰৱেশ কৰি তাণ্ডৱ চলায় ।

হাতীৰ জাকটোৱে গাঁওখনত প্ৰৱেশ কৰাৰ পিছত তীব্ৰ আতংকৰ সৃষ্টি হয় । হাতীৰ জাকটোক খেদিবলৈ গাঁওবাসীয়ে জুইৰ মলা জ্বলাই, হুলস্থূল কৰে যদিও হাতীৰ জাকটোক খেদি পঠিওৱাত ব্যৰ্থ হয় ।

নিশা হাতীৰ জাকটোৱে ২নং ডোঙৰগাঁৱৰ নীলমোহন বৰ্মন, বিজয় বৰ্মন, ৰাম বৰ্মন, কমল বৰ্মন আৰু জীৱন বৰ্মনৰ বাসগৃহ ভাঙি-ছিঙি চূড়মাৰ কৰে আৰু পৰিয়ালকেইটাৰ ঘৰৰ ভিতৰত থকা ধান-চাউল আদি খাই তহিলং কৰে ।

লগতে হাতীৰ জাকটোৱে ঘৰৰ ভিতৰৰ বয়-বস্তুও গছকি বিনষ্ট কৰে । বহু সময় তাণ্ডৱ চলাই হাতীৰ জাকটোৱে পুৱতি নিশা গাঁওখনৰ পৰা আঁতৰি যায় । হাতী প্ৰৱেশৰ খবৰ পাই নিশাই বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হোৱা বুলি জানিব পৰা গৈছে ।

বিগত বহু দিন ধৰি বনৰীয়া হাতীয়ে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলত উপদ্ৰৱ চলাই অঞ্চলটোৰ ৰাইজৰ নিদ্ৰা হৰণ কৰিছে ।

Your Comments