'জাৰ্মানীত পৰীক্ষাত পোৱা নম্বৰতকৈ জ্ঞানত বেছি গুৰুত্ব দিয়া হয়'

Pic

নগাঁৱৰ পৰা ঋতু পৰ্ণ শৰ্মা:

জাৰ্মানীৰ আৰডব্লিউটিএইচ আছেন বিশ্ববিদ্যালয়ৰ জুকলিচ গৱেষণা কেন্দ্ৰত পানীৰ পৰা হাইড্ৰ'জেন মৌল পৃথক কৰি বিকল্প নবীকৰণ শক্তিৰ সৃষ্টিৰ কামত গৱেষণা কৰি থকা দীপজ্যোতি বৰাৰ লগত নগাঁও কলেজৰ এদল ছাত্ৰ-ছাত্ৰীৰ এক মত বিনিময় কাৰ্যসূচী বুধবাৰে কলেজৰ অধ্যক্ষ ড০শৰৎ বৰকটকীৰ পৰিচালনাত অনুিষ্ঠত হয়।জাৰ্মানত থকা মেধা ছাত্ৰ দীপজ্যোতিয়ে কয় যে সৌৰশক্তিৰ দৰে পুনৰ নবীকৰণযোগ্য শক্তি উৎসসমূহৰ পৰা ধাৰাবাহিক শক্তিৰ যোগান ধৰোঁতে কেতিয়াবা সমস্যাৰ সৃষ্টি হয়।সেয়েহে পানীৰ পৰা হাইড্ৰ'জেন মৌল পৃথক কৰি নবীকৰণযোগ্য শক্তিৰূপে ব্যৱহাৰ সুচল কৰাৰ সন্দৰ্ভত গৱেষণাত আলোকপাত কৰা হৈছে।ফলত পানীৰ পৰা গাড়ী চলিব আৰু ঘৰত লাইট জ্বলিব।ছাত্ৰ-ছাত্ৰীয়ে কৰা এটা প্ৰশ্নৰ উত্তৰত দীপজ্যোতিয়ে কয় যে জাৰ্মানীত পৰীক্ষাত অনুতীৰ্ণ হোৱা বিষয়টোত বিশেষ গুৰুত্ব দিয়া নহয়।পুনৰ পৰীক্ষা দি পিছৰবাৰ উত্তীৰ্ণ হ'লে পুৰণি ৰেকৰ্ডসমূহ আঁতৰাই দিয়া হয়।দীপজ্যোতি বৰাই কয় যে ইউৰোপৰ দেশসমূহত গৱেষণা কৰিলে ভাৰতীয় ছাত্ৰই বৃত্তি লাভ কৰাৰ যথেষ্ট সুবিধা আছে।এই বিষয়ে অসমৰ ছাত্ৰ- ছাত্ৰীৰ মাজত সজাগতা নাই বুলিও দীপজ্যোতি বৰাই আক্ষেপ কৰে।জাৰ্মানীত গৱেষণাত ব্যস্ত দীপজ্যোতিয়ে নগাঁও কলেজলৈ আহি পুৰণি স্মৃতি ৰোমন্থন কৰি আভিভূত হয়।তেওঁ বৰ্তমানৰ ছাত্ৰ- ছাত্ৰীক কয় যে স্কুল বা কলেজত কোন শাখাত পঢ়িছে,সেয়া ডাঙৰ কথা নহয়।ডাঙৰ কথা হৈছে যি কোনো কামত গভীৰ আত্মনিয়োগ আৰু প্ৰত্যয়েৰে সৈতে কৰাতো। মত বিনিময় অনুষ্ঠানত অৱসৰপ্ৰাপ্ত অধ্যাপক হলিৰাম হাজৰিকা, ড০ ভুবন চন্দ্ৰ চুতীয়া,ৰশ্মি বৰঠাকুৰ, ড০পল্লৱী গোস্বামী, ড০প্ৰিয়াংকী শৰ্মা, ড০ৰশ্মি বৰা, ড০বনশ্ৰী শইকীয়াকে ধৰি বহুকেইগৰাকী অধ্যাপক-অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীয়ে।

Your Comments