২৬ আগষ্টত হেটামতোলাত ঈদ সন্মিলনী

২৬ আগষ্টত হেটামতোলাত ঈদ সন্মিলনী

দৰং জিলাৰ ছিপাঝাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত সামাজিক অনুষ্ঠান হেটামতোলা ইউনাইটেড ক্লাবৰ উদ্যোগত  চহৰীয়াপাৰা, হেটামতোলা আৰু খানাপাৰা ৰাইজৰ সহযোগত 
ঈদ-উজ-জোহা উপলক্ষে ঈদ সন্মিলনী আৰু সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৷

হেটামতোলা মধ্য ইংৰাজী বিদ্যালয় খেলপথাৰত ২৬ আগষ্ট দেওবাৰে এই ঈদ সন্মিলনী আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব ৷ ঈদ সন্মিলনীৰ লগত সংগতি ৰাখি পুৱা ১০ বজাৰ পৰা বিহু, জিকিৰ আৰু খেৰাই নৃত্য প্ৰদৰ্শন কৰাহ'ব ৷

দিনৰ ১ বজাত অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত বিশিষ্ট বুদ্ধিজীৱী, লেখক তথা অধ্যাপক ইছমাইল হোছেইন, অধ্যাপক ডঃ দিলীপ ৰাজবংশী, দীপক দাস, ব্ৰহ্মপুত্ৰ বিজ্ঞান বিদ্যালয়ৰ অধ্যক্ষ কিৰণ চন্দ্ৰ কাকতি আৰু সমাজসেৱী খাইৰুল হুছেইনে অংশগ্ৰহণ কৰিব । 

সন্ধিয়া অনুষ্ঠিত হ'বলগীয়া সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ মুকলি কৰিব দৰং জিলা পৰিষদৰ প্ৰকল্প বিষয়া তথা সমাজকৰ্মী বনমালী শৰ্মাই ৷ সাংস্কৃতিক অনুষ্ঠানত কণ্ঠশিল্পী মৌচম গগৈ, বৰুণ বিকাশ, আইলিতা কাশ্যপে গীত পৰিবেশন কৰাৰ লগতে চুপতিৰ "গগৈ" খ্যাত অংশুমান ভূঞাই হাস্যমধুৰ অনুষ্ঠান প্ৰদৰ্শন কৰিব । 

Your Comments