গুৱাহাটীত বন্ধ হ'ব অ'লা-উবেৰ-ৰেপিড' বাইক সেৱা:টেক্সি সেৱাতো নতুন নিয়ম

Pic

নিয়ম উলংঘা কৰা যান-বাহনক নাকী লগাবলৈ কঠোৰ পৰিবহণ বিভাগ।মহানগৰীত নিয়ম ভংগ কৰা চিটীবাছক নাকী লগোৱাৰ সময়তে এইবাৰ মহানগৰীৰ পৰিবহণ বিভাগ সাজু হৈছে অ'লা,উবেৰ আৰু ৰেপি'ড বাইক সেৱাক নাকী লগোৱাৰ বাবে।সেই অনুসৰি,পৰিবহণ বিভাগৰ সূত্ৰই জানিবলৈ দিয়া অনুসৰি অচিৰেই মহানগৰীত চলাচল কৰি থকা ৰেপিড',অ'লা,উবেৰ বাইক সেৱা বন্ধ কৰি দিয়া হ'ব।কাৰণ অনুজ্ঞাপত্ৰবিহীনভাৱে চলিছে ৰেপি'ড বাইকসমূহ। ইয়াৰ উপৰিও অ'লা,উবেৰ ট্ৰেক্সিৰ ক্ষেত্ৰটো কঠোৰ হৈছে পৰিবহণ বিভাগ।সেই অনুসৰি এইসমূহ বাহনৰ থ্ৰী ষ্টেপ পাৰ্মিট কৰা হ'ব বাতিল।উল্লেখ্য যে একমাত্ৰ অসমৰ পাৰ্মিট থকা বাহন চলিব অ'লা-উবেৰত।পাৰ্মিট নবীকৰণ নকৰিলে গ্ৰহণ কৰা হ'ব শাস্তিমূলক ব্যৱস্থা।এই কথা জানিবলৈ দিছে পৰিবহণ বিভাগে। ইয়াৰ উপৰিও নিয়ম অমান্য কৰা বাহনসমূহক নাকী লগাবলৈ ব্যৱস্থা কৰা হৈছে ১০ হাজাৰ টকাৰ জৰিমনাৰ।

Your Comments