মঙলদৈত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আলোচনা-চক্ৰ

মঙলদৈত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ আলোচনা-চক্ৰ

সাম্প্ৰতিক সময়ত অসমীয়া জাতি এক সংকটপূৰ্ণ অৱস্থাত উপনীত হৈছ । আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন আৰু বহিঃৰাজ্যৰ পৰা ধাৰাবাহিকভাৱে হৈ থকা প্ৰব্ৰজনে অসমীয়া জাতিৰ অস্তিত্বৰ প্ৰতি গভীৰ সংকট নমাই আনিছে ।

অসমত বসবাস কৰা খিলঞ্জীয়া জাতি-জনগোষ্ঠীসমূহে ঐক্যবদ্ধভাৱে প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলাৰ বিকল্প পথ ক্ৰমান্বয়ে নোহোৱা হৈছে । এই মুহূৰ্তত অসমত আন্তঃৰাজ্যিক পাৰ-পত্ৰ ব্যৱস্থা প্ৰৱৰ্তনেহে অসমীয়া জাতিৰ ভাষিক, সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক আদি অধিকাৰসমূহ সুৰক্ষিত কৰিব ।

অসম জাতিয়তাবাদী যুৱ--ছাত্ৰ পৰিষদে ১৯৭৮ চনৰে পৰা উত্থাপন কৰি অহা অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী কৰি আহিছে ৷ উক্ত বিষয়বোৰৰ সন্দৰ্ভত আলোচনাৰ বাবে আজি মঙলদৈ সৈনিক ভৱনত পুৱা ১১ বজাৰ পৰা এখনি আলোচনা-চক্ৰ আয়োজন কৰা হৈছে ।

উক্ত আলোচনা-চক্ৰত জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় নেতৃবৃন্দৰ উপৰি মুখ্য আলোচক হিচাপে অংশগ্ৰহণ কৰিব বিশিষ্ট চিন্তাবিদ, জ্যেষ্ঠ সাংবাদিক তথা যুৱ-ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক অদীপ কুমাৰ ফুকনে ।

আলোচনা-চক্ৰত সকলো ৰাইজৰ অংশগ্ৰহণ আৰু উপস্থিতি কামনা কৰিছে যুৱ-ছাত্ৰ পৰিষদৰ দৰং জিলা সমিতিৰ সভাপতি দিগন্ত শৰ্মা আৰু সাধাৰণ সম্পাদক পংকজ ডেকাই ।
 

Your Comments