"আছুৱে আন্দোলনৰ পৰা আঁতৰি দিয়ক,আমাৰ সুবিধা হ'ব"

Pic

"নাগৰিকত্ব সংশোধনী আইন-২০১৯ বিৰোধী আন্দোলনক সদৌ অসম ছাত্ৰ সন্থাই ৰাজকীয় ৰূপ দিব বিচাৰিলে।আন্দোলন কেতিয়াও ৰাজকীয় হ'ব নোৱাৰে।বতাহ-বৰষুণ, বোকা-পানীৰে হ'ব লাগিব আন্দোলন।তপন গগৈৰ দিনৰ পৰা যিজন মানুহ 'আছু'ত আছে,ডঃসমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য-তেওঁৰ শাৰীৰিক ভাষাই কয় তেওঁ কেনেধৰণৰ আন্দোলনকাৰী।ভট্টাচাৰ্য অসমৰ সমঝোতা এক্সপ্ৰেছ।প্ৰতিটো সমস্যাত মাত মাতে,কিন্তু সমাধান কৰিবলৈ নোৱাৰে।বিপথে পৰিচালিত কৰিব বিচাৰে।"-এনে বিস্ফোৰক মন্তব্য অধিবক্তা হেমেন বৰাৰ। চিকচিকিয়া জোতা পিন্ধি যিসকলে আন্দোলন কৰে,তেওঁলোক কেতিয়াও আন্দোলনকাৰী হ'ব নোৱাৰে বুলি উল্লেখ কৰি বৰাই আৰু কয়-"পুলিচৰ কোব খাবলৈ ভয় কৰে। তেওঁলোকে কেৱল মানুহক দেখুৱই আন্দোলন কৰে।মাছৰ তেলত মাছ ভাজিব বিচৰা আন্দোলন কৰিছে।" 'আছু'ৱে কাৰোবাৰ প্ৰৰোচনাত পৰি আন্দোলন স্থিমিত কৰা বুলি অভিযোগ তুলি বৰাই কয়-"অখিল আজি অক্লান্ত সৈনিক হোৱাৰ বাবে কাৰাগাৰত থাকিব লগা হৈছে।আছুৱে আন্দোলনৰ পৰা আঁতৰি দিয়ক,আমাৰ সুবিধা হ'ব।সংগঠনৰ অস্তিত্ব ৰক্ষাৰ বাবে আন্দোলন কৰিব নালাগে।" ইফালে বিভিন্ন সময়ত একাংশই হেমেন বৰাক নিজে কি কৰিছে বুলি উত্থাপন কৰা প্ৰশ্নৰ সন্দৰ্ভত অধিবক্তা বৰাই কয়-"মই আছুৰ দৰে চান্দা সংস্কৃতি নকৰো।মই কি কৰিছোঁ নাই কৰা সেয়া ব্যক্তিগত কথা।আদালতত যি কৰিব লাগে মই তাকে কৰি আছো।" আছু জাতিৰ বাবে কলংক বুলি উল্লেখ কৰি বৰাই বিস্ফোৰণ ঘটাই কয়- "মানুহক দেখুৱাই আন্দোলন কৰি থকা একাংশই আজি যাৰ বিৰুদ্ধে আন্দোলন কৰিছে সেই পাৰ্টিত যোগদান দিবলৈ এটা ঠেং দাঙি আছে।" উল্লেখ্য যে বুধবাৰে মেধা পাটকাৰ আৰু সন্দিপ পাণ্ডেই 'কা'ৰ বিৰূদ্ধে ৰাইজৰ সংগ্রাম আছুৱে বিপথে পৰিচালিত কৰাৰ অভিযোগক ধ্ৰুৱ সত্য আখ্যা দিয়ে অধিবক্তা বৰাই।

Your Comments