দূৰদৰ্শনযোগে প্ৰচাৰিত হ’ব শিল্পী প্ৰণতি বৰুৱাই পৰিৱেশন কৰা লতা মঙ্গেশকাৰৰ মীৰা ভজন-'পায়ো জী মেইনে'

Pic

শিৱসাগৰৰ পৰা কল্যাণজ্যোতি বুঢ়াগোহাঁই:

ভাৰতীয় সংগীতৰ সম্ৰাজ্ঞী লতা মঙ্গেশকাৰৰ প্ৰতি শ্ৰদ্ধা আৰু অভিনন্দন জনাই তেওঁ গোৱা 'পায়ো জী মেইনে' শীৰ্ষক বিখ্যাত মীৰা ভজনটি শিৱসাগৰৰ জীয়াৰী,শিল্পী প্ৰণতি বৰুৱাই নতুন সংগীতসহ সংস্কৃত ভাষাত পৰিৱেশন কৰা এটি অনুষ্ঠান অহা ১৫ ফেব্ৰুৱাৰীৰ সন্ধিয়া ৭ বজাত দিল্লী দূৰদৰ্শনযোগে প্ৰচাৰিত হ’ব। ৰাষ্ট্ৰীয় চেনেল 'ডিডি নিউজ'ৰ জনপ্ৰিয় সংস্কৃত অনুষ্ঠান 'বাৰ্তাৱলী'যোগে প্ৰচাৰ হ'ব লগা পঞ্চদশ শতিকাৰ এই ৰাজস্থানী ভজনটিৰ সংস্কৃত ৰূপান্তৰ (প্ৰাপ্তং হি ময়া)বেনাৰছৰ উদীয়মান গীতিকাৰ আলোক কুমাৰৰ।সংগীত ব্যৱস্থাপনা বাঁহীবাদক প্ৰাঞ্জল বৰাৰ।পৰিচালনা তথা কণ্ঠ-সহযোগ সংস্কৃত গীতৰ খ্যাতিমান শিল্পী ৰঞ্জন বেজবৰুৱাৰ।উল্লেখ্য যে ভাৰতৰত্ন লতা মঙ্গেশকাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰি ৰাষ্ট্ৰীয় প্ৰচাৰ মাধ্যমত প্ৰথমবাৰৰ বাবে শিৱসাগৰৰ শিল্পীগৰাকীয়ে মীৰা ভজনৰ সংস্কৃত ৰূপান্তৰ পৰিৱেশন কৰিব।ইয়াৰ পূৰ্বে ২০১৬ চনৰ পৰা ৰাষ্ট্ৰীয় মাধ্যমত তেওঁৰ কণ্ঠেৰে সম্প্ৰচাৰিত হৈ গৈছে 'সূৰ্য-স্তোত্ৰ' আৰু স্বাধীনতা দিৱস-গণৰাজ্য দিৱসত পৰিৱেশিত হৈছে শিল্পী ৰঞ্জন বেজবৰুৱাৰ নেতৃত্বত সংস্কৃত ভাষাত দেশপ্ৰেমৰ গীত-'চাৰে জাহাঁ চে অচ্ছা' আৰু 'জাহাঁ ডাল ডাল পৰ'।দীৰ্ঘদিন ধৰি আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত আৰু ভাৰতীয় মাৰ্গীয় সংগীতৰ অগ্ৰণী শিল্পী প্ৰণতি বৰুৱাই নিজ পৰিচালনাৰে শিৱসাগৰৰ পাৰিজাত সংগীত বিদ্যালয়ৰ উদ্যোগত গীতিকবি পাৰ্বতি প্ৰসাদৰ গীতকে মুখ্য কৰি অসমৰ যাউতিযুগীয়া গীতসমূহৰ লগতে সংস্কৃত শ্লোক-স্তৱ-গীতৰো পৰিৱেশন তথা প্ৰশিক্ষণ দি উজনি অসমত এক সুন্দৰ সাংস্কৃতিক পৰিৱেশ ৰচনা কৰি আহিছে। ইতিমধ্যে শিল্পীগৰাকীৰ নিজা প্ৰযোজনাৰে স্বকণ্ঠত মুক্তি লাভ কৰিছে-সংস্কৃত স্তৱ-গীতৰ অনুপম শ্ৰব্য চিডি 'মঙ্গলাচৰণম্' আৰু গীতিকবিৰ গীতৰ চিডি 'কোনে ডাৱৰে ডাৱৰে’।

Your Comments