গোলাঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰ্গ নাৰায়ণ বৰাৰ মৃত্যু

গোলাঘাটৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰ্গ নাৰায়ণ বৰাৰ মৃত্যু

গোলাঘাটৰ সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰ্গ নাৰায়ণ বৰাৰ আজি পৰলোক প্ৰাপ্তি ঘটে ৷ জি এন আৰ চিত চিকিৎসাধীন অৱস্থাতে আৰক্ষী বিষয়াগৰাকীৰ আজি বিয়লি ৬.১৫ বজাত মৃত্যু ঘটে ।

যোৱা ২১ আগষ্টত গোলাঘাট সদৰ আৰক্ষী থানাৰ চৌহদৰ আৱাসগৃহত হঠাৎ ঢলি পৰিছিল গৰ্গ নাৰায়ণ বৰা । উচ্চ ৰক্তচাপজনিত ৰোগত ঢলি পৰিছিল আৰক্ষী বিষয়াজন । আৰক্ষী বিষয়াজনৰ অকাল বিয়োগত গোলাঘাটত শোকৰ ছাঁ পৰে ।

আনহাতে, আৰক্ষী বিষয়াজনৰ বিয়োগত গোলাঘাট জিলা সাংবাদিক সংস্থাই শোক প্ৰকাশ কৰে ।

Your Comments