পুনৰ প্ৰতিবাদত উত্তাল নগাঁৱৰ শেতালি

পুনৰ প্ৰতিবাদত উত্তাল নগাঁৱৰ শেতালি

নগাঁৱৰ শেতালিত ডিমৌ-ৰাইডঙীয়া পথৰ দুৰৱস্থাৰ বাবে বৃহস্পতিবাৰে নিশা পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো জিলা প্ৰশাসন তথা বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নোহোৱাত আজি পুনৰ ৰাস্তাত ভূঁই ৰুই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শেতালিবাসী ৰাইজে ।

হাতে হাতে জাকৈ, খালৈ, পল লৈ ৰাজপথলৈ উলাই আহিল শতাধিক ৰাইজ । অসম চৰকাৰ হাই হাই, গড়কাপ্তানি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হুঁচিয়াৰ, ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাস হুঁচিয়াৰ ধ্বনিৰে উত্তাল হৈ পৰিল শেতালি অঞ্চল ।

উল্লেখ্য যে প্ৰতিবাদকাৰীসকলে বিভাগীয় কৰ্তৃপক্ষ উপস্থিত নোহোৱালৈকে অনিৰ্দিষ্টকাললৈ বন্ধ কৰি ৰাখিছিল ডিমৌ-ৰাইডিঙীয়া পথ ৷ প্ৰতিবাদস্থলীতে ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসৰ প্ৰতিমূৰ্তি দাহ কৰে ৷

ঘটনাস্থলীত ৰহাৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ দুদিনৰ ভিতৰত পথ মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰাত বন্ধ পথটি ৰাইজে মুকলি কৰি দিয়ে । এতিয়া দুদিনৰ ভিতৰত পথ মেৰামতি হ'বনে নহয় সেয়াহে লক্ষণীয় হ'ব ।

Your Comments