প্ৰথিতযশা সাহিত্যিক ড° নগেন শইকীয়াক গোলাঘাট প্ৰেছ ক্লাবৰ 'হৰেন্দ্ৰ নাথ বৰুৱা স্মাৰক বঁটা' প্ৰদান

Pic

গোলাঘাটৰ প্ৰতিবেদক:

অসমৰ জাতীয় জীৱনৰ অভিভাৱক  স্বৰূপ বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ ড°নগেন শইকীয়াক মঙলবাৰে গোলাঘাট প্ৰেছ ক্লাবে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰদান কৰে হৰেন্দ্ৰ নাথ বৰুৱা স্মাৰক বঁটা । গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী কোষ আৰু অসমীয়া বিভাগৰ সহযোগত মহাবিদ্যায় প্ৰেক্ষাগৃহত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত গোলাঘাট জিলাৰ অৰ্দ্ধ-শতাধীক দল-সংগঠন,অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি উপস্থিত থাকি বিশিষ্ট সাহিত্যিক গৰাকীক বিপুল আদৰণি জনোৱাৰ লগতে ৮২ সংখ্যক ওপজা দিনৰ ওলগ জ্ঞাপন কৰে।প্ৰেছ ক্লাবৰ শিল্পী সকলে পৰিৱেশন কৰা সমবেত সংগীতৰ পাচত বন্তি প্ৰজ্বলন কৰে ডিব্ৰগড় বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড° কন্দৰ্প কুমাৰ ডেকাই।প্ৰেছ ক্লাবৰ সভাপতি দেৱজিৎ ফুকনৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান অনুষ্ঠান শুভ উদ্বোধন কৰে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পুতুল চন্দ্ৰ শইকীয়াই।আদৰণি ভাষণ প্ৰদান কৰে প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি দিগন্ত কুমাৰ ভূঞাই।অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাই সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি গোলাঘাট প্ৰেছ ক্লাবৰ মুখপত্ৰ উন্মোচন কৰে।সাহিত্য সভাৰ প্ৰধান সম্পাদক যাদৱ শৰ্মাক গোলাঘাট জিলা সাহিত্য সভা আৰু শাখা সাহিত্য সভাসমূহে বিপুল সম্বৰ্ধনা জনায়।ইয়াৰ পাচতেই ড°কন্দৰ্প ডেকাৰ সঞ্চালনাত ড°নগেন শইকীয়া সাৰস্বদ ন্যাসৰ উদ্যোগত অনুষ্ঠিত হয়  মিতভাষ দিৱস আৰু বক্তৃতানুষ্ঠান । মুখ্য বক্তাৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট গৱেষক,পণ্ডিত ড°নৰেন কলিতাই।অনুষ্ঠানত বিশিষ্ট সাহিত্যিক,শিক্ষাবিদ ড° কৰবী ডেকা হাজৰিকা,বিশিষ্ট সাহিত্যিক দেৱী প্ৰসাদ বাগ্ৰডীয়া,ড°সত্যকাম বৰঠাকুৰ,বিশিষ্ট লেখক নুৰুল চুলতান, অধ্যাপক বিশিষ্ট লেখক বীৰেন বৰুৱা, সঞ্জয় কুমাৰ তাঁতী,ৰমেন ভঁৰালী, গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি পৱিত্ৰ বৰববৰা, বিদায়ী জিলা সভাপতি সুৰেন্দ্ৰ মোহন হাজৰিকা, গোলাঘাট জিলা সাহিত্য সভাৰ নৱ-নিৰ্বাচিত সম্পাদক বন্তি বৰা, বিশিষ্ট সাংবাদিক ৰতন হাজৰিকা আদিয়ে অংশগ্ৰহণ কৰে।উক্ত অনুষ্ঠানতে ড° নগেন শইকীয়াৰ ৰচনাৱলীৰ দ্বিতীয় সংস্কৰণ আৰু পাৰিজাত বৰুৱাৰ গ্ৰন্থ উন্মোচন কৰা হয়।

Your Comments