কামৰূপত ৫ কি:মি: ব্যৱধানত দুটাকৈ ডকাইতিৰ ঘটনা:বংশৰ আৰু ইছলামপুৰত ডকাইতে লুটি নিলে ৫ লক্ষাধিক টকা

মৃণাল ডেকা ,শুৱালকুছি:

কামৰূপ জিলাত মাত্ৰ ৫ কি:মি ব্যৱধানত মঙলবাৰে সন্ধিয়া বংশৰ আৰু দদৰাৰ ইছলামপুৰত পৃথকে পৃথকে সংঘটিত হয় দুটাকৈ ডকাইতিৰ ঘটনা সংঘটিত হয় ৷ মাত্ৰ দুঘণ্টাৰ ব্যৱধানত মটৰচাইকেলত অহা দুৰ্বৃত্তই ৫ লক্ষধিক টকা লুটি নিয়া ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্ৰাপ্ত খবৰ মতে ,প্ৰথমটো ঘটনা সংঘটিত হয় দদৰা আৰক্ষী থানাৰ অন্তৰ্গত দদৰা ইছলামপুৰত ৷ আফটাৰ আলী নামৰ এজন শিক্ষকে নিজ কন্যাৰ বিয়াৰ বাবে আমিনগাঁৱৰ ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা দুই লাখ টকা উলিয়াই নিজ গৃহলৈ আহি থকা অৱস্থাত আবেলি ৪ মান বজাত মটৰচাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে দুইলাখ টকা কাঢ়ি লৈ যায় ৷ আনহাতে, দুঘণ্টা ব্যৱধানত আনটো ঘটনা সংঘটিত হয় কামৰূপ জিলাৰ শুৱালকুছি আৰক্ষী থানাৰ অন্তৰ্গত বংশৰ তিনিআলিত ভূপেন কলিতা নামৰ ভাৰত সঞ্চাৰ নিগম লিমিটেডৰ কৰ্মচাৰী এগৰাকীয়ে গুৱাহাটীৰ উলুবাৰীৰ ভাৰতীয় ষ্টেট বেংক শাখাৰ পৰা তিনি লাখ টকা উলিয়াই অসম ৰাজ্যিক নিগম লিমিটেডৰ বাছেৰে বংশৰৰ নিজ ঘৰলৈ আহি আছিল ৷ পাছত গন্তব্যস্থান বংশৰ তিনি আলি চ’কত বাছৰ পৰা নমাৰ লগে লগে মটৰচাইকেলত অহা দুজনীয়া দুৰ্বৃত্তৰ দলে টকাৰ বেগটো কাঢ়ি লৈ ঘটনাস্থলীৰ পৰা তীব্ৰ বেগত গুৱাহাটীৰ ফালে পলায়ন কৰে ৷ ঘটনা সন্দৰ্ভত ভূপেন কলিতাই শুৱালকুছি আৰক্ষী থানত এহাজাৰ দাখিল কৰিছে ৷ আৰক্ষীয়ে ইতিমধ্যে এজাহাৰৰ ভিত্তিত তদন্ত আৰম্ভ কৰিছে ৷ হাজো আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ নেতৃত্বত তদন্ত চলাই ত্ৰৈলোক্য দাস , চণ্ডী চৰণ দাস , নুৰ মহম্মদ নামৰ তিনি জন লোকক আটক কৰিছে ৷ আৰক্ষীয়ে ব্যক্তি কেইজনৰ পৰা ৪৯৮০০ টকা উদ্ধাৰ কৰাৰ লগতে এখন পালচাৰ ২২০ জব্দ কৰে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ পৃথকে পৃথকে সংঘটিত দুয়োটা ডকাইতি ঘটনাৰ লগত কিবা যোগসুত্ৰ আছে নে নাই আৰক্ষীৰ তদন্তত হে সকলোবোৰ ওলাই পৰিব। উল্লেখ্য যে যোৱা এদিন পূৰ্বেও কামৰূপ জিলাৰ চাংসাৰিত ডকাইতি কাণ্ড সংঘটিত হৈছিল ।কামৰূপ আৰক্ষী অধীক্ষকৰ কাৰ্যলয়ৰ নিচেই কাষতে ডকাইতৰ দলে ৰাষ্ট্ৰীয় ঘাই পথত গাড়ী আগুৰি তাণ্ডৱ চলোৱাৰ এদিন পিচতে পুনৰ কামৰূপৰ দদৰা আৰু শুৱালকুছি অঞ্চলত এনেধৰনৰ ডকাইতি কাণ্ড সংঘটিত কৰা কাৰ্যই সচতেন মহলক চিন্তিত কৰি তুলিছে।

Your Comments