বঙাইগাঁৱত বেংকৰ গ্ৰাহকৰ ধন লুটা দুৰ্বৃত্তক ৰাইজে কৰিলে কৰায়ত্ত 

বঙাইগাঁৱত বেংকৰ গ্ৰাহকৰ ধন লুটা দুৰ্বৃত্তক ৰাইজে কৰিলে কৰায়ত্ত 

বঙাইগাঁও চহৰৰ মাজমজিয়াস্থিত ভাৰতীয় ষ্টেট বেংকৰ বঙাইগাঁও শাখাৰ সন্মুখৰ পৰা বৃহস্পতিবাৰে আবেলিৰ ভাগত এজন বেংকৰ গ্ৰাহকৰ পৰা দুৰ্বৃত্তই প্ৰৱঞ্চনাৰে নগদ এক লাখ টকাসহ বেগ এখন লুট কৰি নিয়ে ৷

অৱশ্যে পিছত ৰাইজে ধন লুটকাৰী দুৰ্বৃত্তজনক খেদি খেদি কৰায়ত্ত কৰি উত্তম-মধ্যম দি আৰক্ষীক গতাই দিয়ে ৷ ৰাইজৰ দ্বাৰা ধৃত দুৰ্বৃত্তজনে আৰক্ষীৰ আগত নিজকে চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ ফালাকাটাৰ সুহান দাস (২২) বুলি পৰিচয় দিয়ে ৷

উল্লেখ্য যে চহৰখনৰ লেচুতোলাৰ গোবিন্দ কুমাৰ দেৱ নামৰ সেনাবাহিনীত চাকৰি কৰা অৱসৰপ্ৰাপ্ত লোকজনে আবেলি চাৰিমান বজাত ষ্টেট বেংকৰ বঙাইগাঁও শাখাৰ পৰা নগদ এক লাখ টকা উলিয়াই বেগ এখনত ভৰাই বেংকৰ বাহিৰলৈ ওলাই আহে আৰু নিজৰ চাইকেলৰ হেণ্ডেলত বেগখন ওলোমাই ঘৰলৈ বুলি যাবলৈ ধৰাৰ সময়তে হঠাতে এজন যুৱকে তেওঁক টকা পৰা বুলি কয় ৷

লগে লগে লোকজনে পিছফালে ঘুৰি চোৱাত কে'বাখনো দহটকীয়া নোট তলত পৰি থকা দেখা পায় ৷ কিন্তু সেই মুহূৰ্ততে আন এজন যুৱকে টকাৰ বেগখন লুট কৰি পলায়ন কৰে ৷

পিছত লোকজনেও পিছে পিছে যুৱকজনক খেদি যায় আৰু  চোৰ চোৰ, ধৰ ধৰ বুলি চিঞৰাত একাংশ ৰাইজেও খেদি গৈ মহাৰাজা হোটেলৰ ওচৰত টকাৰ বেগসহ দুৰ্বৃত্তজনক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷

বঙাইগাঁৱত বেংকৰ গ্ৰাহকৰ ধন লুটা দুৰ্বৃত্তক ৰাইজে কৰিলে কৰায়ত্ত 

যুৱকজনক ৰাইজে কৰায়ত্ত কৰি উত্তম-মধ্যম শোধাই মায়াপুৰী তিনি আলিলৈ নি কৰ্তব্যৰত যান-বাহন শাখাৰ আৰক্ষীক গতাই দিয়ে ৷ অৱশ্যে সেই স্থানতো দুৰ্বৃত্তজনক ৰাইজে প্ৰহাৰ কৰিবলৈ ধৰাত ওচৰতে থকা নিৰাপত্তা বাহিনীৰ জোৱানে বাধা প্ৰদান কৰে আৰু পিছত আৰক্ষীয়ে বাহন এখনেৰে যুৱকজনক থানালৈ লৈ যায় ৷

ধন লুটৰ ঘটনা সন্দৰ্ভত গোবিন্দ কুমাৰ দেৱে পিছত বঙাইগাঁও থানাত এজাহাৰ দাখিল কৰে ৷ অৱশ্যে ধন লুট কৰা দুৰ্বৃত্তজনক গোবিন্দ কুমাৰ দেৱে খেদি যোৱাত আনজন দুৰ্বৃত্ত পলাই সাৰে ৷

লোকজনে জানিবলৈ দিয়া মতে, বেগখনত এক লাখ টকাৰ লগতে পান কাৰ্ড, ভোটাৰ কাৰ্ড, বেংকৰ কেবাখনো পাচবুক আদিও আছিল যদিও সকলো উদ্ধাৰ হয় ৷ তেওঁ দুৰ্বৃত্তজনক কৰায়ত্ত কৰাত ৰাইজে সহযোগ কৰাত ৰাইজক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে আগলৈ যাতে কোনো লোকে এইধৰণৰ পৰিস্থিতিত পৰি নিজৰ কষ্টৰ ধন হেৰুৱাবলগীয়া নহয়  তাৰবাবে আৰক্ষীকক ব্যৱস্থা গ্ৰহণৰ দাবী জনায় ৷ গোবিন্দ কুমাৰ দেৱে অভিযোগ কৰামতে, বেংকৰ সন্মুখত সততে আৰক্ষীৰ লোক থাকে যদিও সেই সময়ত নাছিল ৷

যাৰবাবে দুৰ্বৃত্তই এইদৰে দিনৰ ভাগতে বেংকৰ গ্ৰাহকৰ ধন লুট কৰি নিবলৈ সক্ষম হয় ৷ টকাখিনি তেওঁৰ নতুনকৈ নিৰ্মাণ কৰি থকা গৃহ ঋণৰ টকা আছিল বুলিও জানিবলৈ দিয়ে ৷

ইপিনে আৰক্ষীয়ে গোবিন্দ কুমাৰ দেৱৰ এজাহাৰৰ ভিত্তিত সুহান দাসক গ্ৰেপ্তাৰ কৰি শুকুৰবাৰে আদালতত হাজিৰ কৰাত আদালতে জে'ল হাজোতলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে অসমৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ বিভিন্ন ঠাইৰ পৰা অহা একাংশ দুৰ্বৃত্তই এতিয়া অতি সহজেই বঙাইগাঁও চহৰত বেংকৰ গ্ৰাহকৰ ধন লুট কৰি নিয়া আদি ঘটনা সংঘটিত কৰি আহিছে যদিও আৰক্ষীয়ে এই দুৰ্বৃত্তৰ দলটোক আটক কৰিবলৈ সক্ষম হোৱা নাই ৷

ফলত প্ৰায়ে বঙাইগাঁও চহৰত সংঘটিত হৈ আহিছে বেংকৰ গ্ৰাহকৰ ধন লুটৰ ঘটনা ৷ ইয়াৰ উপৰি চহৰখনৰ লগতে পাৰ্শ্বৱৰ্তী অঞ্চলত অব্যাহত আছে দুচকীয়া আৰু চাৰিচকীয়া বাহনৰ চুৰিৰ ঘটনা ৷

এনে ঘটনাত জড়িত দুৰ্বৃত্তক মাজে মাজে ৰাইজে কৰায়ত্ত কৰি আৰক্ষীক গতাই দিয়ে যদিও আৰক্ষীয়ে নিজাববীয়াকৈ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই ৷ সেইদৰে চুৰি হোৱা বাহন উদ্ধাৰ কৰাৰ ক্ষেত্ৰতো সফলতাৰ দাবী কৰিব পৰা নাই বঙাইগাঁও আৰক্ষীয়ে ৷ এয়া নিশ্চয়কৈ বঙাইগাঁও আৰক্ষীৰ বিফলতা ৷
 

 

Your Comments