অসম চৰকাৰৰ 'চিলাৰায় বঁটা'ৰ বাবে নিৰ্বাচিত অৰ্জুন ভোগেশ্বৰ বৰুৱা

Pic

অসম চৰকাৰৰ ২০২০ বর্ষৰ 'চিলাৰায় বঁটা'ৰ বাবে নিৰ্বাচিত হৈছে অৰ্জুন ভোগেশ্বৰ বৰুৱা।অহা ৯ ফেব্ৰুৱাৰী(দেওবাৰে) গুৱাহাটীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দৌৰবিদ বৰুৱাক প্ৰদান কৰিব চিলাৰায় বঁটা।উল্লেখ্য যে ১৯৬৬ চনত বেংককত অনুষ্ঠিত এছিয়ান গেমছৰ ৮০০ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰা বিশিষ্ট ক্ৰীড়াবিদগৰাকীক অসম চৰকাৰে চিলাৰায় বঁটাৰ বাবে নিৰ্বাচিত কৰাত উৎফুল্লিত হৈ পৰিছে ৮০ বছৰীয়া বৰুৱা। চৰকাৰক কৃতজ্ঞতা জনোৱাৰ লগতে তেওঁক এই বঁটাৰ বাবে নিৰ্বাচিত কৰাত উৎফুল্লিত বুলি জানিবলৈ দিয়ে।উল্লেখ্য যে ভাৰত চৰকাৰে অৰ্জুন বঁটাৰে সন্মানিত কৰা বিশিষ্ট ক্ৰীড়াবিদগৰাকীয়ে দেওবাৰ নিজ হাতে মুখ্যমন্ত্ৰী সোণোৱালৰ পৰা গ্ৰহণ কৰিব চিলাৰায় বঁটা।

Your Comments